• Home
  • »
  • News
  • »
  • nation
  • »
  • National Herald Case : চতুৰ্থবাৰৰ বাবে EDৰ কাৰ্যালয়ত ৰাহুল গান্ধী, যন্তৰ মন্তৰত কংগ্ৰেছৰ সত্যাগ্ৰহ

National Herald Case : চতুৰ্থবাৰৰ বাবে EDৰ কাৰ্যালয়ত ৰাহুল গান্ধী, যন্তৰ মন্তৰত কংগ্ৰেছৰ সত্যাগ্ৰহ

দেশত কোনো ৰাণী ভিক্টোৰিয়া বা ৰাজকুমাৰ নাই যে তেওঁলোকৰ তদন্ত কৰা নহ’ব।- সম্বিত পাত্ৰ

দেশত কোনো ৰাণী ভিক্টোৰিয়া বা ৰাজকুমাৰ নাই যে তেওঁলোকৰ তদন্ত কৰা নহ’ব।- সম্বিত পাত্ৰ

দেশত কোনো ৰাণী ভিক্টোৰিয়া বা ৰাজকুমাৰ নাই যে তেওঁলোকৰ তদন্ত কৰা নহ’ব।- সম্বিত পাত্ৰ

  • Share this:
নেচনেল হেৰাল্ড গোচৰৰ বাবে যোৱা সপ্তাহত একেৰাহে তিনি দিন সোধা-পোছাৰ অন্তত সোমবাৰে পুনৰ ইডি (Enforcement Directorate)ৰ কাৰ্যালয়ত হাজিৰ হয় প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী। তদন্তকাৰী সংস্থাই সম্প্ৰতি তেওঁক জেৰা কৰি আছে। সোমবাৰে পুৱা ১১ বজাত মধ্য দিল্লীৰ এ পি জে আব্দুল কালাম ৰোডত অৱস্থিত ইডিৰ মুখ্য কাৰ্যালয়ত চি আৰ পি এফ জোৱানৰ ‘জেড+’ শ্ৰেণীৰ নিৰাপত্তা লৈ উপস্থিত হয় ৰাহুল গান্ধী (Rahul Gandhi's Round Four Of Questioning)।

যোৱা সপ্তাহত সোমবাৰ, মঙলবাৰ আৰু বুধবাৰে ইডিৰ বিষয়াসকলে গান্ধীক (Congress leader Rahul Gandhi) একেৰাহে তিনি দিন ধৰি ৩০ ঘণ্টাৰো অধিক সময় সোধা-পোছা কৰিছিল আৰু এই সময়ছোৱাত ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (PMLA)ৰ অধীনত তেওঁৰ বক্তব্য লিপিবদ্ধ কৰা হৈছিল। যোৱা শুকুৰবাৰে তেওঁ পুনৰ তদন্ত সংস্থাৰ সন্মুখত হাজিৰ হ’বলগীয়া আছিল যদিও মাতৃ ছোনিয়া গান্ধী অসুস্থ হৈ থকা বাবে শুকুৰবাৰে (১৭ জুন) হ’বলগীয়া জেৰাৰ পৰা ৰেহাই দিবলৈ ইডিৰ তদন্তকাৰী বিষয়ালৈ পত্ৰ লিখি অনুৰোধ কৰা হৈছিল

ইডিয়ে তেওঁৰ অনুৰোধ গ্ৰহণ কৰি ২০ জুনত হাজিৰ হ’বলৈ কয়। উল্লেখ্য, কোভিড-১৯ৰ সৈতে জড়িত স্বাস্থ্যজনিত সমস্যাৰ বাবে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আনহাতে ইডিৰ এই কাৰ্যক বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰোধী নেতাৰ বিৰুদ্ধে প্ৰতিশোধৰ ৰাজনীতি বুলি অভিহিত কৰিছে কংগ্ৰেছে। ৰাজধানী দিল্লীৰ জন্তৰ মন্তৰত ইয়াৰ বিৰুদ্ধে কংগ্ৰেছ নেতাই কৰি আছে সত্যাগ্ৰহ। যোৱা সপ্তাহতো তিনিওটা দিনতে ইডিয়ে ৰাহুল গান্ধীক জেৰা কৰাৰ বাবে ৰাজপথলৈ ওলাই আহিছিল কংগ্ৰেছ কৰ্মী আৰু নেতা।

উল্লেখ্য যে ইডিয়ে ৰাহুল গান্ধীক সোধা-পোছা কৰাৰ বিৰোধিতা কৰি কংগ্ৰেছক লক্ষ্য কৰি লৈছে বিজেপি নেতা সম্বিত পাত্ৰই। তেওঁ কৈছে, দেশত কোনো ৰাণী ভিক্টোৰিয়া বা ৰাজকুমাৰ নাই যে তেওঁলোকৰ তদন্ত কৰা নহ’ব। আইন সকলোৰে বাবে একেই। সকলোৰে দুৰ্নীতিৰ তদন্ত চলি আছে।
Published by:Gautam Barman
First published: