নেচনেল হেৰাল্ড গোচৰৰ সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আজি একেৰাহে দ্বিতীয় দিনৰ বাবে প্ৰৱৰ্তন সঞ্চালকালয়ে সোধা-পোছা কৰি আছে। ৰাহুল গান্ধীক সোমবাৰে প্ৰায় ১০ ঘণ্টা ধৰি সোধা-পোছা কৰা হৈছিল।
তেওঁ নিশা ১১.১০ বজাত ইডি কাৰ্যালয়ৰ পৰা ঘৰলৈ ৰাওনা হৈছিল। এই সময়ছোৱাত ইডি কাৰ্যালয়ৰ বাহিৰত কংগ্ৰেছ নেতা-কৰ্মীসকলৰ ভিৰ পৰিলক্ষিত হৈছিল।
সোমবাৰে, ইডিয়ে (ED) ৰাহুল গান্ধীক ৰাতিপুৱা প্ৰথম ৰাউণ্ডত তিনি ঘণ্টাৰ বাবে প্ৰশ্ন সুধিছিল। ইয়াৰ পিছত, মধ্যাহ্ন ভোজনৰ বিৰতিৰ সময়ত ৰাহুল গান্ধীয়ে ছোনিয়া গান্ধীক লগ কৰিবলৈ চিকিৎসালয়ত উপস্থিত হৈছিল। ইয়াৰ পৰা, তেওঁ পুনৰ ইডি কাৰ্যালয়ত উপস্থিত হয়, য'ত তেওঁক দ্বিতীয় ৰাউণ্ডৰ বাবে জেৰা কৰা হয়। আজি পুনৰ এই গোচৰৰ সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধী প্ৰৱৰ্তন সঞ্চালকালয়ত হাজিৰ হয় (National Herald Case)।
ইফালে কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতাক বদৰপুৰ আৰক্ষী থানালৈ লৈ যোৱা হৈছে। জ্যেষ্ঠ কংগ্ৰেছ নেতা কে চি বেণুগোপাল, অধীৰ ৰঞ্জন চৌধুৰী, অসমৰ গৌৰৱ গগৈ, দীপেন্দ্ৰ সিং হুডা, ৰঞ্জিত ৰঞ্জন, ইমৰান প্ৰতাপগড়ী আৰু আৰক্ষীৰ জিম্মাত থকা আনসকলক দিল্লীৰ বদৰপুৰ আৰক্ষী থানালৈ লৈ যোৱা হৈছে। উল্লেখ্য, তেওঁলোকে ৰাহুল গান্ধী (Rahul Gandhi)ৰ সমৰ্থনত ইডিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিছিল।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|