পুৰুষৰ শিতানত ৫৭ শতাংশ সুৰাপায়ীৰে দেশৰে ভিতৰত দ্বিতীয় স্থান দখল কৰিছে অৰুণাচল প্ৰদেশে।
পুৰুষৰ শিতানত ৫৭ শতাংশ সুৰাপায়ীৰে দেশৰে ভিতৰত দ্বিতীয় স্থান দখল কৰিছে অৰুণাচল প্ৰদেশে।
অতি সম্প্ৰতি প্ৰকাশ পোৱা ২০১৯–২০২১বৰ্ষৰ National Health and Family Survey-5ত মদ্যপান সম্বন্ধীয় কেতবোৰ মন কৰিবলগীয়া তথ্য পোহৰলৈ আহিছে। সেই তথ্য অনুসৰি, ১৫ৰ পৰা ৪৯বছৰৰ ভিতৰত কেৱল ১ শতাংশ নাৰীয়ে মদ্যপান কৰাৰ বিপৰীতে ২২ শতাংশ পুৰুষে সেই কাম কৰে। অন্যহাতেদি অৰুণাচলত প্ৰদেশত দেশৰ ভিতৰতে সৰ্বাধিক মহিলাই সুৰা সেৱন কৰে। সীমান্ত ৰাজ্যখনত ১৮ শতাংশ মহিলাই সুৰাপান কৰে। ১৪.৮ শতাংশৰে নাৰীৰে সুৰাপান কৰাৰ শাখাত দ্বিতীয় স্থানত আছে ছিকিম। ৫.৫ শতাংশৰে তৃতীয় স্থান দখল কৰিছে অসমে।
আনহাতে, পুৰুষৰ শিতানত ৫৭ শতাংশ সুৰাপায়ীৰে দেশৰে ভিতৰত দ্বিতীয় স্থান দখল কৰিছে অৰুণাচল প্ৰদেশে। ৫৯ শতাংশৰে প্ৰথম স্থানত গোৱা। অৱশ্যে পুৰুষৰ শিতানত প্ৰথম ৫খনৰ ভিতৰত নাই অসম।
উল্লেখযোগ্য যে সৰ্বভাৰতীয় পৰ্যায়ত ১৭ শতাংশ নাৰীয়ে প্ৰতিদিনে সুৰাপান কৰে আৰু ৩৭ শতাংশই সপ্তাহত এবাৰ এই কাম কৰে। ইয়াৰ বিপৰীতে ১৫ শতাংশ পুৰুষে প্ৰতিদিনে মদ খাই আৰু ৪৩ শতাংশই সপ্তাহত এবাৰ খায়।
অৱশ্যে ২০১৫-১৬ বৰ্ষতকৈ ২০১৯-২১বৰ্ষত পুৰুষৰ বেলিকা মদ খোৱাৰ পৰিসংখ্যা ২৯ শতাংশৰ পৰা ২২শতাংশলৈ হ্ৰাস পাইছে। কিন্তু বিশেষজ্ঞৰ মতে, লকডাউনৰ সময়ত মদৰ দোকান বন্ধ থকাৰ কাৰণেহে হ্ৰাস পাইছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|