আজি ভাৰতে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰিছে। দেশত প্ৰতি বছৰে ২৪ জানুৱাৰীত এই দিৱস পালন কৰা হয়। দেশত য’ত এফালে কন্যা সন্তানে প্ৰতিটো ক্ষেত্ৰতে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। আনহাতে, কন্যা সন্তান জন্ম হোৱা বাবে মানুহ দুখী হোৱাও দেখা যায়। অতীজৰে পৰা চলি অহা কন্যা আৰু পুত্ৰৰ মাজত থকা বৈষম্য আজিও সমাজত দেখিবলৈ পোৱা যায়। বৰ্তমানেও ভাৰতৰ কিছু ঠাইত কন্যা সন্তান জন্ম হ’লে হত্যা কৰা তথা ভ্ৰূণ হত্যা আৰু কন্যাক বোজা বুলিও ভাবি বহু অধিকাৰৰ পৰা বঞ্চিত ৰখা হয়। কিন্তু বহু এনে ব্যক্তিও আছে যিয়ে কন্যা সন্তান বিচাৰে আৰু তেওঁলোকক উত্তম জীৱন দিবলৈ অপ্ৰাণ চেষ্টা কৰে।
ভাৰতত স্বাধীনতাৰ পিছৰে পৰা ভাৰত চৰকাৰে কন্যা সন্তানক দেশৰ প্ৰথম স্থানলৈ অনাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি আহিছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ এক উদ্যোগত ২০০৮ চনৰ পৰা প্ৰতি বছৰে এই দিৱসটো ভাৰতত উদযাপন কৰা হয়। এই দিৱস পালনৰ মুখ্য কাৰণ হৈছে দেশৰ কন্যাসকলৰ সৱলীকৰণৰ বাবে সজাগতা বৃদ্ধি কৰা।
আজিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত এই বছৰৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা প্ৰাপ্ত শিশুসকলৰ সৈতে বাৰ্তালাপ কৰিব।
বিগত বৰ্ষত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস আৰু আজাদী কা অমৃত মহোৎসৱ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন অঞ্চলৰ ছাত্ৰীৰ সৈতে ভাৰ্চুৱেল মিটিংৰ জৰিয়তে মত বিনিময় কৰিছিল। তেওঁ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসক ‘‘আমাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰা আৰু কন্যা সন্তানক শক্তিশালী কৰাৰ বাবে চলি থকা প্ৰচেষ্টাক অধিক শক্তিশালী কৰাৰ এক উপলক্ষ’’ বুলি অভিহিত কৰিছিল।
২৪ জানুৱাৰীত কিয় পালন কৰা হয় ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস?ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ দিনটো দেশৰ ছোৱালীসকলক সকলো ধৰণৰ সমৰ্থন আৰু সুযোগ প্ৰদান কৰাৰ বাবে চিহ্নিত কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে কন্যা সন্তানৰ অধিকাৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু ছোৱালীৰ শিক্ষাৰ গুৰুত্ব, আৰু তেওঁলোকৰ স্বাস্থ্য আৰু পুষ্টিৰ বিষয়ে সজাগতা বৃদ্ধি কৰা।
কন্যা সন্তানক সৱলীকৰণৰ বাবে চৰকাৰৰ বিভিন্ন পদক্ষেপৰ ভিতৰত আছে ‘‘কন্যা সন্তান ৰক্ষা কৰক’’, ‘‘বেটি বচাও বেটি পঢ়াও’’, ‘‘সুকন্যা সমৃদ্ধি যোজনা’’, চিবিএছই উড়ান আঁচনি, কন্যা সন্তানৰ বাবে বিনামূলীয়া বা ৰাজসাহায্যপ্ৰাপ্ত শিক্ষা, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত মহিলাসকলৰ বাবে সংৰক্ষণ। মাধ্যমিক শিক্ষাৰ বাবে ছোৱালীসকলক প্ৰেৰণা যোগোৱাৰ ৰাষ্ট্ৰীয় আঁচনিও চৰকাৰৰ বিভিন্ন পদক্ষেপৰ ভিতৰত আন এক পদক্ষেপ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|