মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Covidত মৃত্যু হোৱা লোকৰ আত্মীয়ক চৰকাৰে দিব ৫০ হাজাৰ টকা!

Covidত মৃত্যু হোৱা লোকৰ আত্মীয়ক চৰকাৰে দিব ৫০ হাজাৰ টকা!

News18 Assam | News18-Assam
Updated:September 23, 2021, 11:52 AM IST
Covidত মৃত্যু হোৱা লোকৰ আত্মীয়ক চৰকাৰে দিব ৫০ হাজাৰ টকা!
ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে নিজ-নিজ ৰাজ্যত এই ধনৰ যোগান ধৰিব আৰু মৃতকৰ আত্মীয়ই উপযুক্ত চৰকাৰী প্ৰমাণ পত্ৰ জমা দিব লাগিব।

ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে নিজ-নিজ ৰাজ্যত এই ধনৰ যোগান ধৰিব আৰু মৃতকৰ আত্মীয়ই উপযুক্ত চৰকাৰী প্ৰমাণ পত্ৰ জমা দিব লাগিব।

  • News18 Assam
  • Last Updated: September 23, 2021, 11:52 AM IST
  • Share this:
ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (National Disaster Management Authority) চমুকৈ NDMAএ Covid-19ত  আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ নিকটতম আত্মীয়ক ৫০হাজাৰ টকাৰ এককালীন অনুদান আগবঢ়োৱাৰ পৰামৰ্শ প্ৰদান কৰিছে। এই সন্দৰ্ভত এক গোচৰৰ শুনানিত বুধবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে উচ্চতম ন্যায়ালয়ক অৱগত কৰে এই কথা।

ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে নিজ-নিজ ৰাজ্যত এই ধনৰ যোগান ধৰিব আৰু মৃতকৰ আত্মীয়ই উপযুক্ত চৰকাৰী প্ৰমাণপত্ৰ জমা দিব লাগিব। এই ধন বিতৰণ কৰিব জিলা প্ৰশাসনে। প্ৰমাণপত্ৰ সংগ্ৰহৰ ক্ষেত্ৰত আহিব পৰা ওজৰ–আপত্তিসমূহ নিষ্পত্তি কৰিবলৈ এখন জিলাভিত্তিক কমিটী গঠন কৰি দিয়া হ’ব। কমিটীখনত থাকিব অতিৰিক্ত উপায়ুক্ত, জিলা স্বাস্থ্য বিষয়া, চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ মুৰব্বী (যদিহে জিলাখনত চিকিৎসা মহাবিদ্যালয় থাকে) আৰু এজন ক্ষেত্ৰ বিশেষজ্ঞ।

উল্লেখযোগ্য যে এই প্ৰমাণ পত্ৰ সমূহ Indian Council for Medical Researchৰ নিয়মাৱলী অনুসৰি প্রদান কৰি অহা হৈছে ।

উচ্চতম ন্যায়ালয়ে যোৱা ৩০জুন তাৰিখে NDMAক Covid-19ত আক্রান্ত হৈ মৃত্যু হোৱা লোকক অনুদান প্ৰদানৰ ক্ষেত্ৰত সম্ভাব্য নিয়মাৱলী জাৰি কৰিবলৈ নিৰ্দেশ দিছিল।
Published by: Sanjay Kumar Das
First published: September 23, 2021, 11:52 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি