‘স্বাধীন ভাৰতৰ প্ৰথম সন্ত্ৰাসবাদীজন হিন্দু আৰু তেওঁৰ নাম নাথুৰাম গডছে’

বিজেপিয়ে ECক কৰিলে কামাল হাছানক ৫ দিনৰ বাবে নিষিদ্ধ কৰাৰ আবেদন

news18assam
Updated:May 13, 2019, 5:02 PM IST
‘স্বাধীন ভাৰতৰ প্ৰথম সন্ত্ৰাসবাদীজন হিন্দু আৰু তেওঁৰ নাম নাথুৰাম গডছে’
বিজেপিয়ে ECক কৰিলে কামাল হাছানক ৫ দিনৰ বাবে নিষিদ্ধ কৰাৰ আবেদন
news18assam
Updated: May 13, 2019, 5:02 PM IST
মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক স্বাধীন ভাৰতৰ প্ৰথম ‘হিন্দু সন্ত্ৰাসবাদী’ বুলি মন্তব্য মক্কল নীধি মাইমৰ প্ৰধান আৰু প্ৰখ্যাত অভিনেতা কামাল হাছানৰ। এই মন্তব্যত ক্ষুব্ধ বিজেপিয়ে নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিছে অভিযোগ। অভিযোগ পত্ৰত বিজেপিয়ে হাছানৰ নিৰ্বাচনী প্ৰচাৰ ৫ দিনৰ বাবে নিষিদ্ধ কৰাৰ দাবী জনাইছে। এই মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিয়ে জুইৰ সৈতে খেলা নকৰিবলৈও সকীয়নি প্ৰদান কৰিছে হাছানক।

হাছানক সমালোচনা বিবেক অবেৰয়ৰ
বলীউদ অভিনেতা বিবেক অবেৰয়েও কামাল হাছানৰ মন্তব্যক লৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। টুইটাৰত বিবেক অবেৰয়ে কয় যে আপুনি মহান শিল্পী। শিল্পৰ যিদৰে কোনো ধৰ্ম নাই, সন্ত্ৰাসবাদীৰো কোনো ধৰ্ম নাই। আপুনি গডছেক সন্ত্ৰাসবাদী বুলিব পাৰে, কিন্তু হিন্দু বুলি কোৱাৰ অৰ্থ কি? এনেকুৱাতো নহয় যে আপুনি এখন মুছলমান প্ৰধান অঞ্চলত ভোটভিক্ষা কৰি আছে?

 




কি কৈছিল কামাল হাছানে?
এক নিৰ্বাচনী সভাত কামাল হাছানে কৰিছিল এই বিতৰ্কিত মন্তব্য। অৰাৱাকুৰিচী বিধানসভা সমষ্টিত হ’বলগীয়া উপ–নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ গৈছিল হাছান। নিৰ্বাচনী সভাখনত হাছানে কৈছিল – ‘মই এইবাবে এনেদৰে কোৱা নাই যে ইয়াত অধিক সংখ্যক মুছলমান লোক আছে। মই এই কথা গান্ধীৰ মূৰ্তিৰ সন্মুখত কৈ আছো। স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথম সন্ত্ৰাসবাদীজন হিন্দু আছিল। তেওঁৰ নাম আছিল নাথুৰাম গডছে।’

হাছানৰ এই মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিয়ে। তামিলনাডুৰ বিজেপি প্ৰধান তামিলছাই সুন্দৰৰাজনে কয় যে এয়া ভোট লাভৰ এক ভয়ংকৰ পন্থা। টুইটাৰত তেওঁ লিখিছে, ‘এয়া অতিকৈ নিন্দনীয় যে অভিনেতা কামাল হাছানে এতিয়া গান্ধীৰ হত্যাকাণ্ডক মনত পেলাইছে আৰু তেওঁ ইয়াক হিন্দু সন্ত্ৰাসবাদীৰ নাম দিছে। সংখ্যালঘু তুষ্টিকৰণৰ জৰিয়তে ভোট লাভৰ এয়া ভয়ংকৰ পন্থা। হাছানে শেহতীয়াকৈ শ্ৰীলংকাত হোৱা বিস্ফোৰণক লৈ কোনো মন্তব্য কৰা নাই।’

উল্লেখযোগ্য যে ১৯৪৮ চনৰ ৩০ জানুৱাৰীত ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীক গুলীয়াই হত্যা কৰিছিল নাথুৰাম গডছেই। দিল্লীৰ বিৰলা ভৱনত গান্ধীজীৰ চৰণ স্পৰ্শ কৰাৰ পিছত সংঘটিত কৰিছিল এই ঘটনা। ১৯৪৯ চনৰ ১৫ নৱেম্বৰত ফাঁচিকাঠত ওলমোৱা হৈছিল নাথুৰাম গডছেক।

কোন আছিল নাথুৰাম গডছে?
নাথুৰাম গডছেৰ জন্ম এটা ব্ৰাহ্মণ পৰিয়ালত হৈছিল। হাইস্কুল শিক্ষা আধাতে এৰিছিল গডছেই। কোৱা হয় যে গডছেই নিজৰ ভাতৃৰ সৈতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ সৈতেও জড়িত আছিল। পিছত তেওঁ ‘হিন্দু ৰাষ্ট্ৰীয় দল’ নামেৰে দল খুলিছিল যাৰ উদ্দেশ্য আছিল স্বাধীনতাৰ বাবে যুঁজ। গডছেই ‘হিন্দু ৰাষ্ট্ৰ’ নামেৰে এখন সংবাদ পত্ৰও উলিয়াইছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি