অদ্ভুত দাবী! কোৰোণাৰ ভেকচিন লোৱাৰ পিছতে ব্যক্তিৰ দেহত চুম্বকীয় শক্তি! গাত লাগি ধৰিছে চামুচ, লোহাৰ বাচন-বৰ্তন

News18 Assam | News18-Assam
Updated:June 11, 2021, 9:36 PM IST
অদ্ভুত দাবী! কোৰোণাৰ ভেকচিন লোৱাৰ পিছতে ব্যক্তিৰ দেহত চুম্বকীয় শক্তি! গাত লাগি ধৰিছে চামুচ, লোহাৰ বাচন-বৰ্তন
মহাৰাষ্ট্ৰৰ এজন ব্যক্তিৰ শৰীৰত আচৰিত চুম্বকীয় শক্তি!

মহাৰাষ্ট্ৰৰ এজন ব্যক্তিৰ শৰীৰত আচৰিত চুম্বকীয় শক্তি!

  • Share this:
এক আশ্বৰ্যকৰ ঘটনা! মহাৰাষ্ট্ৰৰ এজন ব্যক্তিৰ শৰীৰত লাগি ধৰিছে চামুচ, লোহাৰ বাচন-বৰ্তন।লোকজনৰ শৰীৰত দেখা দিয়া এই আচৰিত ঘটনাই সকলোকে হতবাক কৰি তুলিছে।লোকজনৰ পৰিয়ালৰ লোকে দাবী কৰা মতে, কোৰোণাৰ দ্বিতীয় ডোজ গ্ৰহণৰ পিছতে শৰীৰত সৃষ্টি হৈছে চুম্বকীয় শক্তি।

News18 ইংৰাজীৰ প্ৰতিবেদন অনুসৰি. লোকজনৰ নাম অৰবিন্দ জগন্নাথ সোনাৰ। মহাৰাষ্ট্ৰৰ নাচিকৰ লোকজনৰ বয়স ৭১ বছৰ। যোৱা ২ জুনত অৰবিন্দ জগন্নাথে কভিশ্বিল্ডৰ দ্বিতীয় ডোজ গ্ৰহণ কৰিছিল। আৰু তাৰ পিছৰ পৰাই লোকজনৰ শৰীৰত এনে পৰিৱৰ্তন দেখা গৈছে। ইফালে এই ঘটনা পোহৰলৈ অহাৰ পিছতে মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ চৌবেই ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ দিছে।



সকলোৱে এতিয়া এই ঘটনাৰ প্ৰকৃত ৰহস্য জানিব বিচাৰিছে। প্ৰকৃততে ভেকচিন লোৱাৰ পাৰ্শ্বক্ৰিয়া নে শৰীৰৰ আন কোনো কাৰণ, সেয়া জানিব বিচাৰিছে সকলোৱে। আনহাতে ঘটনাৰ প্ৰমাণ হিচাপে অৰবিন্দৰ পৰিয়ালৰ লোকে এটা ভিডিও প্ৰস্তুত কৰিছে। যত দেখা গৈছে যে, লোকজনৰ শৰীৰত কিদৰে কাঁহী-বাতি, প্লেট, চামুচ আদি লাগি ধৰিছে।

https://www.news18.com/news/india/nashik-man-claims-developing-magnetic-power-after-taking-second-dose-of-covid-vaccine-3836345.html
Published by: Himangshu Bhuyan
First published: June 11, 2021, 7:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি