• Home
  • »
  • News
  • »
  • nation
  • »
  • Naseeruddin Shah: তালিবানক সমৰ্থন কৰা ভাৰতীয় মুছলমানক লৈ অভিনেতা নাছিৰুদ্দিন শ্বাহে ক'লে এনে কথা

Naseeruddin Shah: তালিবানক সমৰ্থন কৰা ভাৰতীয় মুছলমানক লৈ অভিনেতা নাছিৰুদ্দিন শ্বাহে ক'লে এনে কথা

সমাজবাদী পাৰ্টীৰ সাংসদৰ লগতে একাংশ ইছলামিক সংগঠনে সমৰ্থন কৰিছিল তালিবানক।

সমাজবাদী পাৰ্টীৰ সাংসদৰ লগতে একাংশ ইছলামিক সংগঠনে সমৰ্থন কৰিছিল তালিবানক।

সমাজবাদী পাৰ্টীৰ সাংসদৰ লগতে একাংশ ইছলামিক সংগঠনে সমৰ্থন কৰিছিল তালিবানক।

  • Share this:

আফগানিস্তানৰ শাসনৰ গাদী তালিবানে দখল কৰাক লৈ একাংশ ভাৰতীয় মুছলমানে সমৰ্থন কৰা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিছে ভাৰতৰ জনপ্ৰিয় অভিনেতা নাছিৰুদ্দিন শ্বাহে।


অভিনেতাগৰাকীয়ে এক ভিডিঅ' বাৰ্তাযোগে কয়, "আফগানিস্তানৰ শাসনভাৰ দ্বিতীয়বাৰৰ বাবে তালিবানে লাভ কৰাটো সমগ্ৰ বিশ্ববাসীৰে বাবে বিপদজনক। কিন্তু ইয়াতকৈও বিপদজনক কথাটো হৈছে অল্পসংখ্যক ভাৰতীয় মুছলমানে সেই বৰ্বৰ তালিবানীৰ বিজয়ত উল্লাস কৰাটো। আজি প্ৰতিজন ভাৰতীয় মুছলমানে নিজকে প্ৰশ্ন কৰা উচিত যে তেওঁলোকে নিজৰ ধৰ্মত ইছলামৰ সকৰাত্মক দিশৰ লগতে আধুনিক সভ্যতা বিচাৰে নে সেইসকলৰ দৰে আদিম সভ্যতা বিচাৰে? মই এজন ভাৰতীয় মুছলমান আৰু মিৰ্জা গালিবে কোৱা ইছলামৰ সৎ নীতিত চলিব বিচাৰোঁ। মই কেতিয়াও ইছলামৰ নামত সাম্ৰাজ্যবাদ নিবিচাৰোঁ। ভাৰতীয় মুছলমান বিশ্বৰ আন প্ৰান্তৰ মুছলমানতকৈ পৃথক, কিন্তু আল্লাই সেই দিনটো কেতিয়াও নেদেখুওৱাক যিদিনা আমি ধৰ্মৰ নামত নিজকো চিনি নোপোৱা হৈ যাম?"


উল্লেখযোগ্য যে তালিবানে আফগানিস্তানত বিজয়ধ্বজা উৰুওৱাৰ পিছতে একাংশ ইছলামিক সংগঠনে তালিবানৰ বিজয় উৎসৱ পাতিছিল। সমাজবাদী পাৰ্টীৰ এজন সাংসদেও তালিবানক মুকলিকৈ সমৰ্থন কৰিছিল। অসমতো কেইবাগৰাকীয়েও তালিবানৰ সমৰ্থন কৰি গ্ৰেপ্তাৰবৰণ কৰিছিল।

Published by:Gautam Barman
First published: