ইয়াৰ পূৰ্বে ২০১৪-১৯ৰ মোদী চৰকাৰত সৰ্বাধিক ৯ গৰাকী মহিলা মন্ত্ৰী আছিল।
ইয়াৰ পূৰ্বে ২০১৪-১৯ৰ মোদী চৰকাৰত সৰ্বাধিক ৯ গৰাকী মহিলা মন্ত্ৰী আছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভূক্ত হৈছে ৭ গৰাকী মহিলা মন্ত্ৰী। ইয়াকে ধৰি মোদীৰ মন্ত্ৰী সভাত মহিলা মন্ত্ৰীৰ সংখ্যা হ'লগৈ ১১ গৰাকী। বুধবাৰে নতুনকৈ মন্ত্ৰী হোৱা মহিলা নেত্ৰীৰ ভিতৰত আছে মিনাক্ষী লেখি, শোভা কাৰান্দলাজে, অনুপ্ৰিয়া সিং পেটেল, দৰ্শনা বিক্ৰম জাৰদোশ, অন্নপূৰ্ণা দেৱী, প্ৰতিমা ভৌমিক আৰু ডঃ ভাৰতী প্ৰৱীণ পাৱাৰ। এই নতুন ৭ গৰাকীৰ লগতে মোদী মন্ত্ৰী সভাত মহিলা মন্ত্ৰীৰূপে আছে নিৰ্মলা সীতাৰমণ, স্মৃতি ইৰাণী, সাধ্বী নিৰঞ্জন জ্যোতি আৰু ৰেণুকা সিং ছাৰুতা। অৱশ্যে বুধবাৰে আন এগৰাকী মহিলা মন্ত্ৰী দেৱাশ্ৰী চৌধুৰীয়ে পদত্যাগ কৰিছিল।
মিনাক্ষী লেখি বৈদেশিক পৰিক্ৰমা আৰু সংস্কৃতি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। লেখি দিল্লী লোকসভা সমষ্টিৰ সাংসদ আৰু বিজেপিৰ প্ৰগলভ নেত্ৰী। তেওঁ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আৰু এগৰাকী বিখ্যাত সমাজকৰ্মী।
শোভা কাৰান্দলাজে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। কৰ্ণাটকাৰ উড়ুপি চিকমাগালুৰ সমষ্টিৰ সাংসদ আৰু পূৰ্বে কৰ্ণাটক চৰকাৰৰ কেবিনেট মন্ত্ৰী আছিল।
অন্নপূৰ্ণা দেৱী শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। ঝাৰখণ্ডৰ কোডাৰ্মাৰ পৰা প্ৰথমবাৰৰ বাবে সাংসদ হৈ আহিছে। বিহাৰ আৰু ঝাৰখণ্ডত ৪ বাৰ বিধায়ক আছিল আৰু ঝাৰখণ্ড চৰাকাৰত কেবিনেট মন্ত্ৰীও আছিল। তেওঁ ৩০ বছৰ বয়সত বিহাৰ চৰকাৰত কেবিনেট মন্ত্ৰী হৈছিল।
প্ৰতিমা ভৌমিক সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। ভৌমিক ত্ৰিপুৰাৰ পৰা প্ৰথমবাৰৰ বাবে লোকসভালৈ সাংসদৰূপে নিৰ্বাচিত হৈছে। তেওঁ পেছাত এগৰাকী খেতিয়ক আছিল।
ডঃ ভাৰতী প্ৰৱীণ পাৱাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। ভাৰতী পাৱাৰ মহাৰাষ্ট্ৰৰ দিন্দোৰি সমষ্টিৰ পৰা প্ৰথমবাৰৰ সাংসদ হৈ আহিছে। ৰাজনীতিলৈ অহাৰ পূৰ্বে তেওঁ ডাক্টৰ আছিল।
অনুপ্ৰিয়া সিং পেটেল বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। পেটেল উত্তৰপ্ৰদেশৰ মিৰ্জাপুৰৰ দুবাৰৰ সাংসদ।
দৰ্শনা বিক্ৰম জাৰদোশ হ'ল আৰু বস্ত্ৰতাঁত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। গুজৰাটৰ চুৰাট সমষ্টিৰ তিনিবাৰৰ সাংসদ জাৰদোশ।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১৪-১৯ৰ মোদী চৰকাৰত সৰ্বাধিক ৯ গৰাকী মহিলা মন্ত্ৰী আছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|