
দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰলৈ ভূটান ভ্ৰমণলৈ যাব মোদী
দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰলৈ ভূটান ভ্ৰমণলৈ যাব মোদী
ভাৰত-ভূটানৰ বাণিজ্যিক সম্পৰ্ক আৰু জলবিদ্যুৎ উৎপাদন ক্ষেত্ৰত ভাৰতৰ অধিক সহযোগিতাৰ লক্ষ্যৰে আজি ভূটানত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানলৈ যাব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী। দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰলৈ ভূটান ভ্ৰমণলৈ যাব মোদী। আজি পুৱাৰ ভাগতেই ভূটানত উপস্থিত হ’বলগীয়া প্ৰধানমন্ত্ৰী মোদীক পাৰো বিমান বন্দৰৰ পৰা সমদল কৰি লৈ যোৱা হ’ব ভূটানৰ ৰাজপ্ৰসাদলৈ। বিয়লিৰ ভাগত ভূটানৰ সংসদ ভৱনত ভূটানৰ ৰজা জিগমে ৱাংচুক আৰু প্ৰধানমন্ত্ৰী ডাঃ ল’টাই ছেৰিউৰ সৈতে দুয়োখন দেশৰ সম্পৰ্ক সুদৃঢ় কৰা সন্দৰ্ভত মিলিত হ’ব আলোচনাত। টুইট যোগে প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণে দুয়োখন দেশৰ মাজত সকলোধৰণৰ সম্পৰ্কই পূৰ্বতকৈ অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰিছে। ভূটান বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতেও মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ভাৰত–ভূটান হাইড্ৰ’পাৱাৰ ক’–অপাৰেচনৰ ৫০ বছৰ পূৰ হোৱাৰ ক্ষণত দুয়োখন দেশৰ মাজত চলা বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ স্মৃতি সজীৱ কৰিবলৈ মুকলি কৰা হ’ব ডাক টিকট। জল বিদ্যুৎ প্ৰকল্পৰ ক্ষেত্ৰখনত ভূটানৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে দুয়োখন দেশৰ মাজত বানিজ্যিক সম্পকৰ্কও পূৰ্বতকৈ সুদৃঢ় কৰাৰ লক্ষ্যৰে আজি ভূটানত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কাৰ্যসূচী অনুসৰি আজি ভূটানৰ মাংদিছু জলবিদ্যুৎ প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|