৮০০০ অতিথিৰ সন্মুখত আজি পুনৰ প্ৰধানমন্ত্ৰীৰূপে শপত ল’ব মোদীয়ে

সন্ধিয়া ৭ বজাত ৮ হাজাৰ অতিথিৰ সন্মুখত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পাঠ কৰোৱাব পদ আৰু গোপনীয়তাৰ শপত বাক্য।

news18assam
Updated:May 30, 2019, 8:04 AM IST
৮০০০ অতিথিৰ সন্মুখত আজি পুনৰ প্ৰধানমন্ত্ৰীৰূপে শপত ল’ব মোদীয়ে
সন্ধিয়া ৭ বজাত ৮ হাজাৰ অতিথিৰ সন্মুখত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পাঠ কৰোৱাব পদ আৰু গোপনীয়তাৰ শপত বাক্য।
news18assam
Updated: May 30, 2019, 8:04 AM IST
আজি দ্বিতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰীৰূপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। সন্ধিয়া ৭ বজাত ৮ হাজাৰ অতিথিৰ সন্মুখত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পাঠ কৰোৱাব পদ আৰু গোপনীয়তাৰ শপত বাক্য। প্ৰথমবাৰলৈ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বৃহৎসংখ্যক অতিথি। BIMSTEC দেশৰ নেতা, বিৰোধীৰ সকলো ৰথী–মহাৰথী, খেল আৰু ছবি জগতৰ তাৰকাসকল উপস্থিত থাকিব মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত। ইয়াৰ পূৰ্বে ২০১৪ চনত মোদীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল ৩৫০০ৰ পৰা ৫ হাজাৰ অতিথি।

BIMSTEC দেশৰ নেতাক আমন্ত্ৰণ
ৰাষ্ট্ৰপতি ভৱন চৌহদত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত ৰাজনৈতিক ৰথী–মহাৰথীৰ লগতে কেইবাজনো বিদেশৰ নেতাকো জনোৱা হৈছে আমন্ত্ৰণ। BIMSTEC দেশৰ নেতা যেনে বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈত্ৰীপলা ছিৰিসেনা, নেপালৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলী, ম্যানমাৰৰ ৰাষ্ট্ৰপতি য়ু বিন মিণ্ট আৰু ভূটানৰ প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে পূৰ্বেই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ কথা নিশ্চিত কৰিছে। থাইলেণ্ডৰ পৰা বিশেষ দূত গ্ৰিছাডা বুনৰেকো মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি কিৰ্গীস্তানৰ ৰাষ্ট্ৰপতি আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ্ৰ কুমাৰ যুগনাথকো আমন্ত্ৰণ জনোৱা হৈছে অনুষ্ঠানলৈ।

অনুষ্ঠানত উপস্থিত থাকিব সকলো বিৰোধী নেতা
মোদীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যপালৰ লগতে বিৰোধীৰ নেতাসকলকো। ইয়াৰ ভিতৰত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী, ইউ পি এৰ অধ্যক্ষা ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং, TMCৰ মুৰব্বী মমতা বেনাৰ্জী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীও থাকিব।

খেল জগতৰ কোন তাৰকা থাকিব উপস্থিত
মোদীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ প্ৰাক্তন দৌৰবিদ পি টি ঊষা, প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়, অনিল কুম্বলে, জৱাগল শ্ৰীনাথ, হৰভজন সিং, বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱাল, প্ৰশিক্ষক পুলেলা গোপীচান্দ আৰু জিমনাষ্ট দীপা কৰ্মকাৰৰ লগতে কেইবাগৰাকীও তাৰকাক আমন্ত্ৰণ জনোৱা হৈছে।

ছবি জগতৰ কোন তাৰকা থাকিব উপস্থিত
সুত্ৰ অনুসৰি ছবি জগতৰ কেইবাগৰাকীও তাৰকাক আমন্ত্ৰণ জনোৱা হৈছে মোদীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ। শ্বাহৰুখ খান, কংগনা ৰানাৱট, সঞ্জয় লীলা ভাঞ্চালী, কৰণ জোহৰ আৰু তামিলনাডুৰ ছুপাৰষ্টাৰ ৰজনীকান্তকো আমন্ত্ৰণ জনোৱা হৈছে। ইফালে, আম্বানী, আদানী আৰু টাটা পৰিয়ালৰ লগতে আন কেইবাগৰাকীও উদ্যোগপতিক জনোৱা হৈছে আমন্ত্ৰণ।
আৰু চাওক পৰৱৰ্তী বাতৰি