আজি মোৰবীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ভাঙি পৰা ওলোমা দলংখনৰ স্থান পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণত গুজৰাটৰ গৃহমন্ত্ৰী হৰিশ সংঘৱীয়ে তেওঁম সংগ দিয়ে। দেওবাৰে সন্ধিয়া হঠাৎ ভাঙি পৰা ১৪০ বছৰীয়া এই দলংখনৰ ভয়াবহ ট্ৰেজেডীত এতিয়ালৈকে ১৩৬ জন লোকৰ মৃত্যু হৈছে
বিগত কিছুদিন গুজৰাটতেই আছিল প্ৰধানমন্ত্ৰী। আজি দুপৰীয়া দুৰ্ঘটনাস্থলীত উপস্থিত হয় প্ৰধানমন্ত্ৰী। মাচ্ছু নদীত এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান। ইয়াৰোপৰি অভিযন্তা আৰু গুজৰাটৰ চৰকাৰী বিষয়াৰ সৈতে কথা পাতি প্ৰধানমন্ত্ৰীগৰাকীয়ে দলংখন কি কাৰণত ভাঙি পৰিল সেই কথাও বুজিবলৈ চেষ্টা কৰে। ঘটনাস্থলী পৰিদৰ্শন কৰি স্বাভাৱিকতেই বিচলিত হৈ পৰা দেখা গ'ল প্ৰধানমন্ত্ৰী মোদীক।
প্ৰায় ছমাহ ধৰি মোৰবী দলংখন মেৰামতিৰ বাবে বন্ধ হৈ আছিল। ইয়াৰ পিছতে উদ্বোধনৰ চাৰিদিনৰ ভিতৰতে ভাঙি পৰে ওলোমা দলংখন। মোৰবীৰ এই ঘটনাৰ পিছত ইটোৰ পিছত সিটোকৈ চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে।
জানিব পৰা মতে, প্ৰয়োজনীয় ফিট চাৰ্টিফিকেট অবিহনে দলংখন উদ্বোধন কৰা হৈছিল। ব্যক্তিগত খণ্ডৰ হাতত দলংখনৰ দায়িত্ব ন্যস্ত কৰি গা এৰা দিছিল গুজৰাট চৰকাৰে। অভিযোগ অনুসৰি, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰায় ৪০০ লোক তাত মজুত আছিল যদিও দলংখনৰ বহনক্ষমতা মাত্ৰ ১০০ জনহে আছিল।
দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ উপৰিও মোৰবীৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আহত লোকসকলৰো স্বাস্থ্যৰ বুজ লয় প্ৰধানমন্ত্ৰীয়ে। কিন্তু প্ৰধানমন্ত্ৰী অহাৰ পূৰ্বে নিশাটোৰ ভিতৰতে চিকিৎসালয়ত নতুন ৰং দিয়া, নতুন টাইলছ লগোৱা, নতুন বিচনা, পানী পিউৰিফায়াৰ আদি লগাই ৰূপ সলনি কৰাৰো অভিযোগ উত্থাপন হৈছে চিকিৎসালয়খনৰ বিৰুদ্ধে।
গুজৰাট বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই ভয়ংকৰ ঘটনাই বিজেপিক যথেষ্ট চাপত পেলাইছে। ইতিমধ্যে, গুজৰাট চৰকাৰে এই ঘটনাৰ তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰিছে আৰু কামত গাফিলতিৰ অভিযোগত ৯ জন গ্ৰেপ্তাৰ হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|