Narendra Modi Security : যোৱা বুধবাৰে পঞ্জাৱ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীৰ কনভয় কৃষকৰ পথত অৱৰোধৰ ফলত মাজবাটতে আৱদ্ধ হৈ পৰিছিল ৷ নৰেন্দ্ৰ মোদী প্ৰায় ২০ মিনিট ৰাস্তাৰ মাজত আবদ্ধ হৈ আছিল ৷ Narendra Modi Security : যোৱা বুধবাৰে পঞ্জাৱ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীৰ কনভয় কৃষকৰ পথত অৱৰোধৰ ফলত মাজবাটতে আৱদ্ধ হৈ পৰিছিল ৷ নৰেন্দ্ৰ মোদী প্ৰায় ২০ মিনিট ৰাস্তাৰ মাজত আবদ্ধ হৈ আছিল ৷ পঞ্জাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Narendra Modi Security Breach) নিৰাপত্তা ব্যাহত হোৱাৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে (Supreme Court) পাঁচ জনীয়া তদন্ত কমিটী গঠন কৰিছে ৷ কমিটীখনৰ নেতৃত্ব দিব অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইন্দু মালহোত্ৰা (Indu Malhotra)ই ৷ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাৰ নেতৃত্বত তিনিজনীয়া খণ্ড বিচাৰপীঠে আজি এই ৰায় প্ৰদান কৰে৷
অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইন্দু মালহোত্ৰাৰ উপৰিও কমিটীখনত NIAৰ সঞ্চালক প্ৰধান, চণ্ডিগড় আৰক্ষী প্ৰধান, পঞ্জাৱ আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান (নিৰাপত্তা) আৰু পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক প্ৰধান থাকিব।
কমিটীখনে প্ৰধানকৈ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ব্যাহত হোৱাৰ বাবে কোন দায়ী সেয়া বিচাৰি উলিয়াবলৈ চেষ্টা কৰিব৷ এনে ঘটনা পুনৰাবৃত্তি হোৱাটো প্ৰতিহত কৰিবলৈ কি পদক্ষেপ লোৱা উচিত সেয়াও পৰামৰ্শ দিয়া হ'ব ৷ উচ্চতম ন্যায়ালয়ে কমিটীখনক যিমান সম্ভৱ সোনকালে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৷
আজিৰ দিনটোত এই নিৰ্দেশ প্ৰদান কৰি মুখ্য ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে কয়, 'এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ কোনো এটা পক্ষৰ তদন্ত পৰ্যাপ্ত নহয়। এক স্বতন্ত্ৰ তদন্তৰ প্ৰয়োজন।'
যোৱা বুধবাৰে পঞ্জাৱ (Punjab) ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীৰ কনভয় কৃষকৰ পথত অৱৰোধৰ ফলত মাজবাটতে আৱদ্ধ হৈ পৰিছিল ৷ নৰেন্দ্ৰ মোদী প্ৰায় ২০ মিনিট ৰাস্তাৰ মাজত আবদ্ধ হৈ আছিল ৷ অৱশেষত তেওঁ নিজৰ জনসভালৈ নোযোৱাকৈ ভাটিণ্ডা বিমানবন্দৰ হৈ দিল্লীলৈ উভতি যাবলৈ বাধ্য হৈছিল৷
এই ঘটনাই পঞ্জাৱ চৰকাৰ আৰু কেন্দ্ৰৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে ৷ দুয়োপক্ষৰ পৃথক পৃথক তদন্ত আৰম্ভ কৰা হয় ৷ অৱশ্যে উচ্চতম ন্যায়ালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৃথক তদন্ত স্থগিত ৰাখি আজি তদন্ত কমিটী গঠন কৰি দিছে৷
Published by: Manjumoni Borah
First published: January 12, 2022, 16:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|