প্ৰধানমন্ত্ৰীয়ে কৈছে যে, কোৰোণাৰ প্ৰথমটো ঢৌক প্ৰতিহত কৰিবলৈ আমি সক্ষম হৈছিলো। আমাৰ মাজত আত্মবিশ্বাস আহিছিল। কিন্তু এই মুহূৰ্তত কোৰোণাৰ দ্বিতীয়টো ঢৌত বিধ্বস্ত হৈ পৰিছে সমগ্ৰ দেশ। কোৰোণাই আমাক ধৈৰ্য আৰু সহনশীলতাৰ পৰীক্ষা লৈছে।
প্ৰধানমন্ত্ৰীয়ে কৈছে যে, কোৰোণাৰ প্ৰথমটো ঢৌক প্ৰতিহত কৰিবলৈ আমি সক্ষম হৈছিলো। আমাৰ মাজত আত্মবিশ্বাস আহিছিল। কিন্তু এই মুহূৰ্তত কোৰোণাৰ দ্বিতীয়টো ঢৌত বিধ্বস্ত হৈ পৰিছে সমগ্ৰ দেশ। কোৰোণাই আমাক ধৈৰ্য আৰু সহনশীলতাৰ পৰীক্ষা লৈছে।
নতুন দিল্লীঃ ভাৰতত ব্যাপক হাৰত বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। বাঢ়ি অহা ৰোগীৰ মৃত্যুৰ ঘটনাত আতংকিত সমগ্ৰ দেশ। বিপাঙত পৰিছে নৰেন্দ্ৰ মোদী নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰ। দেশৰ এই পৰিস্থিতিৰ মাজতে মন কি বাত অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
দেওবাৰে কোৰোণা পৰিস্থিতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে, 'কোৰোণাৰ প্ৰথমটো ঢৌক প্ৰতিহত কৰিবলৈ আমি সক্ষম হৈছিলো। আমাৰ মাজত আত্মবিশ্বাস আছিল। কিন্তু এই মুহূৰ্তত কোৰোণাৰ দ্বিতীয়টো ঢৌত বিধ্বস্ত হৈ পৰিছে সমগ্ৰ দেশ। কোৰোণাই আমাক ধৈৰ্য আৰু সহনশীলতাৰ পৰীক্ষা লৈছে।'
প্ৰধানমন্ত্ৰীয়ে লগতে কয় য়ে,'কোৰোণাই আমাৰ সকলোকে ধৈৰ্যৰ পৰীক্ষা লৈছে। মানুহে কিমান কষ্ট সহ্য কৰিব পাৰে, তাৰ পৰীক্ষা লৈছে। কোৰোণাই বহুতৰে প্ৰিয়জনক কাঢ়ি নিচে। কিন্তু ভাঙি পৰিলে নহ'ব। কোৰোণাৰ বিৰুদ্ধে যুঁজত আমি জিকিবই লাগিব। দেশে কোৰোণাৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যই হাতে হাত মিলাই কাম কৰিব লাগিব। প্ৰত্যেক ৰাজ্যৰ সহযোগিতা বিচাৰিছো।'
প্ৰধানমন্ত্ৰী মোদীৰ মন কি বাতক তীক্ষ্ণ সমালোচনা কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। কৈছে য়ে, 'দেশত যেতিয়া অক্সিজেনৰ প্ৰয়োজন, সেই সময়ত প্ৰধানমন্ত্ৰীয়ে মন কি বাত কৰিছে। কোনে শুনিবলৈ বিচাৰিছে মন কি বাত? অক্সিজেন দিয়ক। ভাষণেৰে দেশ নচলে। ভেকচিন দিয়ক।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|