• Home
  • »
  • News
  • »
  • nation
  • »
  • কৃষকৰ আয় বাঢ়িব, নতুন বজাৰ সৃষ্টি হ’ব! নতুন কৃষি আইনৰ সমৰ্থনত প্ৰধানমন্ত্ৰী মোদী

কৃষকৰ আয় বাঢ়িব, নতুন বজাৰ সৃষ্টি হ’ব! নতুন কৃষি আইনৰ সমৰ্থনত প্ৰধানমন্ত্ৰী মোদী

শনিবাৰে ব্যৱসায়ীক সভা ‘ফিকি’ৰ বাৰ্ষিক সাধাৰণ সভাত অংশগ্ৰহণ কৰি কৃষি আইনৰ সপক্ষে যুক্তি দিলে প্ৰধানমন্ত্ৰীয়ে।

শনিবাৰে ব্যৱসায়ীক সভা ‘ফিকি’ৰ বাৰ্ষিক সাধাৰণ সভাত অংশগ্ৰহণ কৰি কৃষি আইনৰ সপক্ষে যুক্তি দিলে প্ৰধানমন্ত্ৰীয়ে।

শনিবাৰে ব্যৱসায়ীক সভা ‘ফিকি’ৰ বাৰ্ষিক সাধাৰণ সভাত অংশগ্ৰহণ কৰি কৃষি আইনৰ সপক্ষে যুক্তি দিলে প্ৰধানমন্ত্ৰীয়ে।

  • Share this:
নতুন কৃষি আইনে কৃষক সকলক উপকৃত কৰিব। তৈয়াৰ হ’ব নতুন বজাৰ। নতুন প্ৰযুক্তি অহাৰ ফলত লাভান্বিত হ’ব কৃষকসকল। কৃষক আন্দোলন তীব্ৰতৰ হ’লেও আকৌ এবাৰ আইনখনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে ইংগিত দিলে যে, যিমানেই বিক্ষোভ নহওক লাগিলে, আইন প্ৰত্যাহাৰৰ পক্ষত নাই কেন্দ্ৰীয় চৰকাৰ।

শনিবাৰে ব্যৱসায়ীক সভা ‘ফিকি’ৰ বাৰ্ষিক সাধাৰণ সভাত অংশগ্ৰহণ কৰি একেবাৰে কৃষক আইনৰ সপক্ষে মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। অনুষ্ঠানত কৃষি ক্ষেত্ৰত বেচৰকাৰী বিনিয়োগৰ পৰিমাণ প্ৰয়োজনতকৈও কম বুলি উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। কৃষি পণ্য সংৰক্ষণৰ বাবে কোল্ড ষ্টোৰেজ প্ৰস্তুতৰ ক্ষেত্ৰত বেচৰকাৰী সংস্থাসমূহ আগবাঢ়ি অহা উচিত বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

কৃষকৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে কি কি কৰিছে তাৰো এক তথ্য দাঙি ধৰে মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে, ‘নতুন আইন অনুসৰি, মন্দিৰ লগতে অন্য ক্ষেত্ৰতো ফচল বিক্ৰী কৰিব পাৰিব কৃষকে। য’ত দাম বেছি পাব, সেই ঠাইতে ফচল বিক্ৰীৰ স্বাধীনতা পাব কৃষকসকলে।’
Published by:Himangshu Bhuyan
First published: