• Home
  • »
  • News
  • »
  • nation
  • »
  • 10 Lakh jobs in central government: ডেৰ বছৰত ১০ লাখ চৰকাৰী চাকৰি! ২৪লৈ লক্ষ্য কৰি বৃহৎ নিৰ্দেশনা মোদীৰ!

10 Lakh jobs in central government: ডেৰ বছৰত ১০ লাখ চৰকাৰী চাকৰি! ২৪লৈ লক্ষ্য কৰি বৃহৎ নিৰ্দেশনা মোদীৰ!

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ফালৰ পৰা টুইটাৰযোগে এই কথা সদৰি কৰা হৈছে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ফালৰ পৰা টুইটাৰযোগে এই কথা সদৰি কৰা হৈছে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ফালৰ পৰা টুইটাৰযোগে এই কথা সদৰি কৰা হৈছে।

  • Share this:
২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয়ক কমেও ১০ লাখ চাকৰিত নিযুক্তি দিব মোদী চৰকাৰে! প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ফালৰ পৰা টুইটাৰযোগে এই কথা সদৰি কৰা হৈছে।

পিএমঅ’ৰ টুইটত জনোৱা হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই কেন্দ্ৰীয় চৰকাৰৰ সকলো বিভাগ আৰু মন্ত্ৰণালয়ৰ মানৱ সম্পদৰ খতিয়ান দেখাৰ পিছত আগন্তুক ডেৰ বছৰৰ ভিতৰত ১০ লাখ নি়যুক্তিৰ নিৰ্দেশ দিছে।

নৰেন্দ্ৰ মোদী চৰকাৰৰ আমোলত নিবনুৱাৰ সংখ্যা বৃদ্ধিৰ অভিযোগত সৰৱ বিৰোধী দলসমূহ। লগতে বিজেপি নেত্ৰী নূপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্যৰ ফলতো দেশ আৰু দেশৰ বাহিৰত যথেষ্ট অস্বস্তিত পৰিছে কেন্দ্ৰীয় চৰকাৰ। এই পৰিস্থিতিত ১০ লাখ কৰ্মসংস্থাপনৰ ঘোষণাই যে চৰকাৰৰ ভাৱমূৰ্তি বহু পৰিমাণে উজ্জ্বল কৰিব তাত সন্দেহ নাই।

প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ লগে লগে তাৰ বাস্তৱ ৰূপায়ণক লৈ প্ৰশ্ন তুলিছে বিৰোধীয়ে। কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সিং সুৰেজাৱালাই কয়, ‘‘২–১৪ চনত ক্ষমতালৈ অহাৰ পূৰ্বে বছৰি ২ কোটি চাকৰিৰ প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰীয়ে, চাৰ অৰ্থ ৮ বছৰত ১৬ কোটি চাকৰি হোৱাৰ কথা। সেই চাকৰি কেতিয়া হ’ব?’’

তৃণমূল সাংসদ শান্তনু সেনৰ দাবী, এইবোৰ প্ৰতিশ্ৰুতিত মানুহে আৰু বিশ্বাস নকৰে। ২০২৪ চনত প্ৰত্যুত্তৰ পাব প্ৰধানমন্ত্ৰী মোদীয়ে।
Published by:Sanjay Kumar Das
First published: