‘টীম মোদী’ত কোন কোন? কেবিনেটত দেখা পাব এইকেইখন মুখ

শপতগ্ৰহণলৈ আহিবলৈ আটাইকেইগৰাকীক টেলিফোন। আজি সন্ধিয়া ৪.৩০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজ বাসগৃহত সম্ভাব্য মন্ত্ৰীসকলক কৰিব সাক্ষাৎ। 

news18assam
Updated:May 30, 2019, 1:57 PM IST
‘টীম মোদী’ত কোন কোন? কেবিনেটত দেখা পাব এইকেইখন মুখ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শপত গ্ৰহণ সমাৰোহ ২০১৯
news18assam
Updated: May 30, 2019, 1:57 PM IST
নৰেন্দ্ৰ মোদী আজি (বৃহস্পতিবাৰ) দ্বিতীয় বাৰলৈ প্ৰধনমন্ত্ৰী পদৰ শপত গ্ৰহণ কৰিব। ২০১৪ৰ দৰে এইবাৰে প্ৰধানমন্ত্ৰী মোদী আৰু তেওঁৰ মন্ত্ৰীমণ্ডলৰ শপত গ্ৰহণ সমাৰোহৰ বৃহৎ অনুষ্ঠান আয়োজিত কৰা হ’ব। অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৮০০০গৰাকী অতিথিক আমন্ত্ৰণ জনাইছে। বাংলাদেশ, শ্ৰীলংকা, ম্যানমাৰ, থাইলেণ্ড, নেপাল আৰু ভূটানৰ প্ৰধানে ল’ব অংশ। ইয়াৰোপৰি সাংসদ আৰু প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলো আমন্ত্ৰণ জনোৱা হৈছে।

উত্তৰ–পূবৰ পৰা দুগৰাকী সাংসদে স্থান লাভ কৰিব মোদীৰ মন্ত্ৰীসভাত। ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী আৰু কিৰেণ ৰিজিজু।

 

NEWS18ৰ হাতত সম্ভাব্য মন্ত্ৰীৰ তালিকা

ৰাজনাথ সিং,

সদানন্দ গৌড়া
ৰামদাস অঠাৱল,

সুৰেশ অংগাডী
পীয়ুষ গোৱেল

বাবুল সুপ্ৰিয়
নিৰ্মলা সীতাৰমন
ড০ জিতেন্দ্ৰ সিং
মুখতাৰ আব্বাছ নাকভি

প্ৰহ্লাদ পেটেল
ৰবিশংকৰ প্ৰসাদ

প্ৰহ্লাদ যোশী

হৰসিমৰাট কৌৰ বাদল
অৰ্জুন মেঘৱাল
প্ৰকাশ জাভড়েকাৰ
নীতিন গাডকাৰী
থাৱৰ চন্দ গেহলট
স্মৃতি ইৰাণী
কৈলাস চৌধুৰী
কিষাণ পাল গুজ্জৰ
পুৰুষোত্তম ৰূপালাই
মনসুখ মানদিব্যা

শপতগ্ৰহণলৈ আহিবলৈ আটাইকেইগৰাকীক টেলিফোন। আজি সন্ধিয়া ৪.৩০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজ বাসগৃহত সম্ভাব্য মন্ত্ৰীসকলক কৰিব সাক্ষাৎ।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি