তাজমহল চাবলৈ যাওঁতে ড’নাল্ড ট্ৰাম্প আৰু পৰিয়ালৰ সৈতে নাথাকে নৰেন্দ্ৰ মোদী

News18 Assam | News18-Assam
Updated:February 22, 2020, 4:44 PM IST
তাজমহল চাবলৈ যাওঁতে ড’নাল্ড ট্ৰাম্প আৰু পৰিয়ালৰ সৈতে নাথাকে নৰেন্দ্ৰ মোদী
উচ্চ স্তৰীয় সূত্ৰত প্ৰকাশ পোৱা মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পৰিয়ালৰ সৈতে অৱসৰৰ সময়ত তাজমহল চাবলৈ যাওঁতে আগ্ৰাত কোনো ধৰণৰ চৰকাৰী কাৰ্যসূচী ৰখা নাই। 

উচ্চ স্তৰীয় সূত্ৰত প্ৰকাশ পোৱা মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পৰিয়ালৰ সৈতে অৱসৰৰ সময়ত তাজমহল চাবলৈ যাওঁতে আগ্ৰাত কোনো ধৰণৰ চৰকাৰী কাৰ্যসূচী ৰখা নাই। 

  • Share this:
দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণলৈ অহা ড’নাল্ড ট্ৰাম্প আৰু পৰিয়ালে তাজমহল চাবলৈ যাওঁতে পত্নী মেলানিয়া, জোঁৱাই জাৰেদ কুছনেৰ আৰু জীয়ৰি ইভাংকা ট্ৰাম্পৰ সৈতে নাথাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

সোমবাৰে সপৰিয়ালে ড’নাল্ড ট্ৰাম্পৰ তাজমহলৰ ভ্ৰমণৰ সংগী নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। চৰকাৰী সূত্ৰত প্ৰকাশ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিজন ২৪ফেব্ৰুৱাৰীৰ বিয়লি আহমেদাবাদত উপস্থিত হ’ব। প্ৰায় ৩৬ঘণ্টাতকৈও কম সময় ভাৰতত কটাব ড’নাল্ড ট্ৰাম্পে। ড’নাল্ড ট্ৰাম্পৰ উচ্চস্তৰীয় ভ্ৰমণৰ সংগী হ’ব ফাৰ্ষ্ট লেডী মেলানিয়া, ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্প, জোঁৱাই জাৰেদ কুছনেৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এদল উচ্চ পৰ্যায়ৰ বিষয়া।

আহমেদাবাদত এক সমাৱেশত অংশ লোৱাৰ পিছত ট্ৰাম্প পৰিয়াল উৰা মাৰিব আগ্ৰালৈ। সোমবাৰে আবেলি ভাগত তাজমহল দৰ্শন কৰি ৰাজধানীত এই ভ্ৰমণৰ মূল কাৰ্যসূচীত অংশ ল’ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

বিশ্ববিখ্যাত আগ্ৰাৰ প্ৰেমৰ সৌধ তাজমহল ভ্ৰমণৰ সময়ত নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পক সংগ দিবনে নাই সেয়া প্ৰশ্ন কৰোতে চৰকাৰী সূত্ৰই প্ৰকাশ কৰে যে তেনেকুৱা কোনো পৰিকল্পনা এই পৰ্যন্ত নাই।

সূত্ৰত প্ৰকাশ পোৱা মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আৰু পৰিয়ালে আগ্ৰাত তাজমহল দৰ্শন কৰি ঐতিহাসিক কীৰ্তিচিহ্নৰ সৌন্দৰ্য উপভোগ কৰাৰ উপযুক্ত সুযোগ লাভ কৰিব। ব্যক্তিগত ভ্ৰমণ হোৱাৰ কাৰণে ভাৰতৰ তৰফৰ পৰা কোনো জ্যেষ্ঠ বিষয়া বা চৰকাৰী আমোলা এই ভ্ৰমণৰ আনুষ্ঠানিক সংগী নহয়। সূত্ৰত প্ৰকাশ।

আহমেদাবাদত সোমবাৰে বৃহৎ গণ সমাৱেশত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডীৰ সৈতে অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে  ২৫ফেব্ৰুৱাৰীত দিল্লীত আনুষ্ঠানিক চৰকাৰী কাৰ্যসূচীতো ট্ৰাম্পৰ সৈতে উপস্থিত থাকিব।
আৰু চাওক
পৰৱৰ্তী বাতৰি