প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ অসুস্থ। সূত্ৰ অনুসৰি, আহমেদাবাদৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে হীৰাবেন মোদীক। বুধবাৰে অসুস্থ হৈ পৰে প্ৰধানমন্ত্ৰীগৰাকীৰ মাতৃ। বৰ্তমান বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চলি আছে চিকিৎসা।
উল্লেখযোগ্য যে ১৮ জুনত ১০০ বছৰীয়া হৈছিল হীৰাবেন মোদী। হীৰাবেন মোদীক আহমেদাবাদৰ ইউ এন মেহতা হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
সূত্ৰ অনুসৰি, গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ পিছত গান্ধীনগৰৰ বাসগৃহত মাতৃক সাক্ষাৎ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 28, 2022, 13:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।