ছাৰ্জিকেল ষ্ট্ৰাইকৰ পিছত সীমান্তত হ্ৰাস পাইছে অবৈধ অনুপ্ৰৱেশ

ৰাষ্ট্ৰীয় সুৰক্ষাক লৈ মোদী চৰকাৰে পূৰ্বেই স্পষ্ট কৰি দিছে যে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব শূন্য সহনশীলতা।

News18-Assam
Updated:July 10, 2019, 8:20 AM IST
ছাৰ্জিকেল ষ্ট্ৰাইকৰ পিছত সীমান্তত হ্ৰাস পাইছে অবৈধ অনুপ্ৰৱেশ
সাংকেতিক ফটো
News18-Assam
Updated: July 10, 2019, 8:20 AM IST
নৰেন্দ্ৰ মোদী চৰকাৰে মঙলবাৰে কয় যে ছাৰ্জিকেল ষ্ট্ৰাইকৰ পিছত সীমান্তত হ্ৰাস পাইছে অবৈধ অনুপ্ৰৱেশকাৰীৰ সংখ্যা। কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে সংসদত এক প্ৰশ্নৰ উত্তৰত কয় যে ২০১৮ চনৰ তুলনাত ২০১৯ৰ আৰম্ভণিৰ ৬ মাহত অবৈধ অনুপ্ৰৱেশৰ ঘটনা ৪৩ শতাংশ হ্ৰাস পাইছে।

নিত্যানন্দ ৰায়ে কয় যে নিৰাপত্তাৰক্ষীৰ চেষ্টাৰ ফলত জম্মু–কাশ্মীৰৰ পৰিস্থিতিৰ উন্নতি হৈছে। বিগত বৰ্ষৰ তুলনাত ৪৩ শতাংশ হ্ৰাস পাইছে অবৈধ অনুপ্ৰৱেশ। তেওঁ কয় যে সন্ত্ৰাসবাদী আক্ৰমণ ২৮ শতাংশ আৰু সন্ত্ৰাসবাদী সংগঠনত স্থানীয় লোকৰ ভৰ্তি ৪০ শতাংশ হ্ৰাস পাইছে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সুৰক্ষাক লৈ মোদী চৰকাৰে পূৰ্বেই স্পষ্ট কৰি দিছে যে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব শূন্য সহনশীলতা। বিগত মাহত গৃহ মন্ত্ৰী অমিত শ্বাহে কৈছিল যে পাকিস্তানত সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় সেনাৰ এয়াৰ ষ্ট্ৰাইক আৰু ছাৰ্জিকেল ষ্ট্ৰাইকত কোনো সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা নাছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি