জম্মু–কাশ্মীৰৰ ভূগোল সলনিৰ পিছত এতিয়া কি কৰিব মোদী চৰকাৰে?

এই সিদ্ধান্তৰ পিছত কেন্দ্ৰীয় চৰকাৰে জম্মু–কাশ্মীৰৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ বাবে ‘প্লেন বি’ প্ৰস্তুত কৰিছে। শীঘ্ৰে ইয়াৰ ওপৰত আৰম্ভ হ’ব কাম–কাজ।

News18-Assam
Updated:August 6, 2019, 1:04 PM IST
জম্মু–কাশ্মীৰৰ ভূগোল সলনিৰ পিছত এতিয়া কি কৰিব মোদী চৰকাৰে?
এই সিদ্ধান্তৰ পিছত কেন্দ্ৰীয় চৰকাৰে জম্মু–কাশ্মীৰৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ বাবে ‘প্লেন বি’ প্ৰস্তুত কৰিছে। শীঘ্ৰে ইয়াৰ ওপৰত আৰম্ভ হ’ব কাম–কাজ।
News18-Assam
Updated: August 6, 2019, 1:04 PM IST
সোমবাৰে ঐতিহাসিক সিদ্ধান্তৰে মোদী চৰকাৰে সলনি কৰিলে জম্মু–কাশ্মীৰৰ ভৌগোলিক মানচিত্ৰ। চৰকাৰে জম্মু–কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা সংবিধানৰ ৩৭০নং অনুচ্ছেদৰ এটা খণ্ড বাদ দি বাকী সকলো খণ্ড প্ৰত্যাহাৰ কৰে। বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰত্যাহাৰৰ লগতে জম্মু–কাশ্মীৰক দুটা অংশত ভাগ কৰা হয়। এতিয়া জম্মু–কাশ্মীৰ আৰু লাডাখ দুটা পৃথক পৃথক কেন্দ্ৰীয়শাসিত অঞ্চল হ’ব। এই সিদ্ধান্তৰ পিছত কেন্দ্ৰীয় চৰকাৰে জম্মু–কাশ্মীৰৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ বাবে ‘প্লেন বি’ প্ৰস্তুত কৰিছে। শীঘ্ৰে ইয়াৰ ওপৰত আৰম্ভ হ’ব কাম–কাজ।

সূত্ৰ অনুসৰি, কাশ্মীৰত অৰ্থনৈতিক বিকাশৰ বাবে ইনভেষ্টমেণ্ট ছামিটৰ পৰিকল্পনা আছে। অক্টোবৰত শ্ৰীনগৰত এক ডাঙৰ ইনভেষ্টমেণ্ট ছামিটৰ আয়োজন কৰা হ’ব বুলি সূত্ৰত প্ৰকাশ। এই ছামিটত দেশৰ বিয়াগোম ব্যৱসায়ীসকলে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছত এতিয়া আন ৰাজ্যৰ লোকেও কাশ্মীৰত মাটি কিনিব পাৰিব, ব্যৱসায়ীসকলে ব্যৱসায় কৰিব পাৰিব।

চৰকাৰে কাশ্মীৰত ৰে’লৱে, হাইৱে’ প্ৰকল্পৰ ওপৰতো কাম কৰিব। ফুড পাৰ্ক নিৰ্মাণক লৈও চিন্তা–চৰ্চা চলি আছে। সূত্ৰ অনুসৰি, কিছুদিনৰ ভিতৰতে চৰকাৰে কাশ্মীৰৰ অৰ্থনৈতিক অৱস্থাক লৈ ডাঙৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে।

ভাৰতত জম্মু–কাশ্মীৰ পৰ্যটনৰ বাবে আটাইতকৈ উত্তম ঠাই। কিন্তু এতিয়ালৈকে পৰ্যটন ক্ষেত্ৰত প্ৰয়োজন অনুসৰি গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল। এতিয়া কেন্দ্ৰই এইক্ষেত্ৰত কাম কৰিলে স্থানীয় লোকে সংস্থাপনৰ সুবিধাও লাভ কৰিব।

সূত্ৰ অনুসৰি, ভাৰতৰ অন্য ৰাজ্যত অধ্যয়ন বা কাম কৰি থকা কাশ্মীৰী যুৱকসকলে ভাৰতৰ নাগৰিকৰ সমানে শক্তি আৰু আত্মবিশ্বাস লাভ কৰিব। লগতে বিশেষ নাগৰিক হিচাপে শ্ৰেণীবদ্ধ কৰা নহ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি