মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»ঈদত ৫ কোটি মুছলমান শিক্ষাৰ্থীলৈ মোদী চৰকাৰৰ উপহাৰ, পঢ়াৰ বাবে পাব খৰচ!

ঈদত ৫ কোটি মুছলমান শিক্ষাৰ্থীলৈ মোদী চৰকাৰৰ উপহাৰ, পঢ়াৰ বাবে পাব খৰচ!

News18-Assam
Updated:June 5, 2019, 10:33 AM IST
ঈদত ৫ কোটি মুছলমান শিক্ষাৰ্থীলৈ মোদী চৰকাৰৰ উপহাৰ, পঢ়াৰ বাবে পাব খৰচ!
নাকভীয়ে কয় যে বিকাশৰ গাড়ী বিশ্বাসৰ পথত দ্ৰুতগতিত চলোৱাই পৰৱৰ্তী ৫ বছৰত আমাৰ চৰকাৰৰ লক্ষ্য, যাতে প্ৰতিগৰাকী নাগৰিকৰ চকুত সুখ আৰু তেওঁলোকৰ জীৱনলৈ সমৃদ্ধি কঢ়িয়াই আনিব পাৰি।

নাকভীয়ে কয় যে বিকাশৰ গাড়ী বিশ্বাসৰ পথত দ্ৰুতগতিত চলোৱাই পৰৱৰ্তী ৫ বছৰত আমাৰ চৰকাৰৰ লক্ষ্য, যাতে প্ৰতিগৰাকী নাগৰিকৰ চকুত সুখ আৰু তেওঁলোকৰ জীৱনলৈ সমৃদ্ধি কঢ়িয়াই আনিব পাৰি।

  • Share this:
নৰেন্দ্ৰ মোদী চৰকাৰে ঈদ উপলক্ষে মুছলমান শিক্ষাৰ্থীসকললৈ আগবঢ়াইছে বিশেষ উপহাৰ। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী মুখতাৰ আব্বাছ নাকভীয়ে নিজৰ বিভাগৰ বিষয়াৰে আলোচনামৰ্মে পৰৱৰ্তী ৫ বছৰত ৫ কোটি শিক্ষাৰ্থীক ‘প্ৰধানমন্ত্ৰী ছাত্ৰ বৃত্তি’ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। উল্লেখযোগ্য যে ইয়াৰ ভিতৰত থাকিব ৫০ শতাংশ ছাত্ৰী। এই সুবিধা লাভৰ প্ৰক্ৰিয়া অতি সৰল কৰা হৈছে।

নাকভীয়ে কয় যে বিকাশৰ গাড়ী বিশ্বাসৰ পথত দ্ৰুতগতিত চলোৱাই পৰৱৰ্তী ৫ বছৰত আমাৰ চৰকাৰৰ লক্ষ্য, যাতে প্ৰতিগৰাকী নাগৰিকৰ চকুত সুখ আৰু তেওঁলোকৰ জীৱনলৈ সমৃদ্ধি কঢ়িয়াই আনিব পাৰি। বিশ্বাসৰ হাইৱে’ত নাথাকিব কোনো স্পীড ব্ৰেকাৰ। ইয়াৰ বাবে আমি সতৰ্ক আৰু সাৱধান হ’ব লাগিব।

নাকভীয়ে কয় যে 3E অৰ্থাৎ Education, Employment আৰু Empowerment আমাৰ লক্ষ্য। ইয়াক পূৰণ কৰিবলৈ আমি পৰিশ্ৰম কৰি আছো। মুছলমান ছোৱালীৰ শিক্ষাত উৎসাহ যোগাবৰ বাবে ‘পঢ়ো–বঢ়ো’ অভিযান চলোৱা হ’ব। দূৰৱৰ্তী এলেকাত য’ত আৰ্থিক–সামাজিক কাৰণত মানুহে কন্যা সন্তানক শিক্ষাৰ বাবে নপঠিয়াই, তেনে ঠাইত শিক্ষাৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। শতাধিক ম’বাইল ভেনৰ জৰিয়তে শিক্ষা–সংস্থাপনৰ সৈতে জড়িত কাৰ্যসূচীৰ তথ্য যোগান ধৰিবৰ বাবে দেশজুৰি অভিযান চলোৱা হ’ব।
First published: June 5, 2019, 10:33 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি