২০ বছৰত পদাৰ্পণ! অপৰাজিত জনপ্ৰতিনিধি হিচাপে ১৯ বছৰ সম্পূৰ্ণ কৰিলে নৰেন্দ্ৰ মোদীয়ে

News18 Assam | News18-Assam
Updated:October 7, 2020, 12:23 PM IST
২০ বছৰত পদাৰ্পণ! অপৰাজিত জনপ্ৰতিনিধি হিচাপে ১৯ বছৰ সম্পূৰ্ণ কৰিলে নৰেন্দ্ৰ মোদীয়ে
ৰাজনৈতিক বিশেষজ্ঞসকলৰ একমত, ২০০১-২০২০ পৰ্যন্ত নৰেন্দ্র মোদীৰ জোলোঙাত নাই এটাও পৰাজয়ৰ ৰেকৰ্ড।

ৰাজনৈতিক বিশেষজ্ঞসকলৰ একমত, ২০০১-২০২০ পৰ্যন্ত নৰেন্দ্র মোদীৰ জোলোঙাত নাই এটাও পৰাজয়ৰ ৰেকৰ্ড।

  • Share this:
নতুন দিল্লীঃ নিৰবচ্ছিন্নভাৱে ১৯বছৰ কাম কৰাৰ ৰেকৰ্ড নৰেন্দ্ৰ মোদীৰ। বুধবাৰে নিৰ্বাচিত জনপ্ৰতিনিধি হিচাপে এই অভিলেখ গঢ়িলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দল মত নিৰ্বিশেষে সকলো বিশেষজ্ঞৰ এটাই মত এই কুৰি বছৰৰ পৰিশ্ৰমে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দলটোক এক অনন্য মাত্ৰা দিছে

৭ অক্টোবৰ ২০০১, গুজৰাটৰ মুখ্যমন্ত্রী হিচাপে নৰেন্দ্র মোদীয়ে ক্ষমতাত আৰোহন কৰে। সেই তেতিয়াৰ পৰাই পিছলৈ ঘুৰি চোৱাৰ ৰেকৰ্ড নাই মোদীৰ। ক্রমে ৰাজ্যৰ ৰাজনীতি এৰি ৰাষ্ট্ৰীয় দায়িত্ব গ্ৰহণ কৰে। ২০১৪, ২০১৯ত দুবাৰ তেওঁৰ নেতৃত্বত দেশত চৰকাৰ গঠন কৰে গেৰুৱা দলে। ৰাজনৈতিক পৰিসংখ্যাবিদসকলৰ একমত, ২০০১-২০২০ৰ মাজত নৰেন্দ্ৰ মোদীৰ এটাও পৰাজয়ৰ ৰেকৰ্ড নাই। এনে কেৰিয়াৰ দেশ–কালৰ পৰিধি লংঘন কৰি যিকোনো ৰাজনৈতিক ব্যক্তিৰ স্বপ্ন।

গুজৰাটত নৰেন্দ্র মোদীৰ জনপ্রিয়তা বাঢ়িছিল কেবাটাও সংস্কাৰৰ কাৰণে। ইয়াৰ মাজত প্রথমেই আহে বিদ্যুৎ সংস্কাৰ প্রসঙ্গ। ক্ষমতালৈ আহিয়ে গুজৰাটৰ প্ৰত্যন্ত এলেকাতো বিদ্যুৎ সংযোগ পোৱাৰ ব্যৱস্থা কৰে মোদীয়ে। ইয়াৰ পিছত আৰম্ভ হয় বিনিয়োগ অনাৰ কাৰবাৰ। দুই–এবছৰৰ ভিতৰতে বিনিয়োগকাৰীৰ নয়নৰ মণি হৈ পৰে গুজৰাট। একেসময়তে কৃষি আৰু শিক্ষা ব্যৱস্থাৰো সংস্কাৰৰ পদক্ষেপ লয় মোদীয়ে। এই সময়চোৱাত গুজৰাটৰ ছোৱালীসকলক শিক্ষাব্যৱস্থাত আৰু অধিক জৰিত কৰাৰ কাৰণে আৰম্ভ হয় কল্যাণী প্ৰকল্প। গাঁৱে গাঁৱে ঘুৰি প্ৰচাৰ চলায় মোদীয়ে। ইয়াৰ ফলো পায় নিশাটোৰ ভিতৰত।

আৰম্ভ হয় প্রধানমন্ত্রী হিচাপে জয়যাত্রা। বিতর্ক থাকিবই। লগতে সাফল্যও আহিছে। নোটবন্দীক লৈ প্ৰৱল বিতৰ্ক হৈছে। তথাপিও বিশ্বমানচিত্ৰত ভাৰতৰ ছবি অধিক স্পষ্ট হোৱাৰ দাবী কূটনীতিবিদসকলৰ। একেসময়তে জিএছটি সংস্কাৰ, আয়ুষ্মান ভাৰত, বেটি বাচাও বেটি পড়াও, তিন তালাক আইন বাতিল, স্বচ্ছ ভাৰত অভিযান, উজ্জ্বলা আঁচনি আদিক মাধ্যমক কৰি দ্বিতীয়বাৰো শাসনৰ বাঘজৰী তেঁৱেই লাভ কৰিছে।

বিশ্লেষকসকলৰ মতে, যিমান জনপ্রিয়তা নৰেন্দ্র মোদীয়ে যোৱা বিশ বছৰে অৰ্জন কৰিলে তেওঁ তাৰ ফল আগন্তুক কমেও দহ বছৰ খাব পাৰিব।
First published: October 7, 2020, 12:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading