প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, দেশৰ ক্ষুদ্ৰ কৃষকৰ প্ৰত্যাহ্বান দূৰ কৰিবলৈ আমি বীজ, বীমা, বজাৰ আৰু জমা, এই সকলোবোৰৰ ওপৰত কাম কৰিছো।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, দেশৰ ক্ষুদ্ৰ কৃষকৰ প্ৰত্যাহ্বান দূৰ কৰিবলৈ আমি বীজ, বীমা, বজাৰ আৰু জমা, এই সকলোবোৰৰ ওপৰত কাম কৰিছো।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰি কৰিলে ডাঙৰ ঘোষণা। নতুন তিনিওখন কৃষি আইন প্ৰত্যাহাৰ কৰা হ’ব বুলি ঘোষণা কৰে মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে এইবাৰৰ সংসদৰ অধিৱেশনত তিনিওখন কৃষি আইন প্ৰত্যাহাৰ কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক গুৰুনানকৰ পৱিত্ৰ প্ৰকাশ পৰ্ব উপলক্ষে দেশবাসীক শুভকামনা জনায়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, দেশৰ ক্ষুদ্ৰ কৃষকৰ প্ৰত্যাহ্বান দূৰ কৰিবলৈ আমি বীজ, বীমা, বজাৰ আৰু জমা, এই সকলোবোৰৰ ওপৰত কাম কৰিছো। চৰকাৰে ভাল মানৰ বীজৰ লগতে কৃষকক নীম কোটেড ইউৰিয়া, ছইল হেল্থ কাৰ্ড, মাইক্ৰ’ ইৰিগেচনৰ দৰে সুবিধাৰ সৈতে জড়িত কৰিছো। আমি MSP বৃদ্ধি কৰিছো, লগতে অভিলেখসংখ্যক চৰকাৰী ক্ৰয় কেন্দ্ৰ নিৰ্মাণ কৰিছো।
প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে কৃষি বাজেট পাঁচগুণ বৃদ্ধি কৰিছে। আমাৰ চৰকাৰে কৃষকৰ একাউণ্টত ১ কোটি ৬২ লাখ টকা প্ৰদান কৰিছে। ইয়াৰ লগতে ২২ কোটি ছইল হেল্থ কাৰ্ড বিতৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমাৰ চৰকাৰে কৃষকৰ হিতৰ বাবে কাম কৰিছে।
মোদীয়ে কয়, নিজৰ পাঁচ দশকৰ জীৱনকালত কৃষকৰ প্ৰত্যাহ্বানসমূহ বহু কাষৰ পৰা দেখিছো। যেদিয়া ২০১৪ত দেশে আমাক প্ৰধান সেৱকৰ ৰূপত সেৱা কৰাৰ সুবিধা দিলে তেতিয়া আমি কৃষি বিকাশ, কৃষক কল্যাণক অগ্ৰাধিকাৰ দিছো।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|