মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Narendra Modi: এগৰাকী কামৰ মানুহ নৰেন্দ্ৰ মোদী, যাৰ আছে বহু ব্যতিক্ৰমী আইডিয়া

Narendra Modi: এগৰাকী কামৰ মানুহ নৰেন্দ্ৰ মোদী, যাৰ আছে বহু ব্যতিক্ৰমী আইডিয়া

News18 Assam | News18-Assam
Updated:September 17, 2021, 4:36 PM IST
Narendra Modi: এগৰাকী কামৰ মানুহ নৰেন্দ্ৰ মোদী, যাৰ আছে বহু ব্যতিক্ৰমী আইডিয়া
মহামাৰীৰ সময়তো দেশবাসীৰ পৰ বিশ্বাস আদায় কৰিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী মোদী।

মহামাৰীৰ সময়তো দেশবাসীৰ পৰ বিশ্বাস আদায় কৰিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী মোদী।

  • News18 Assam
  • Last Updated: September 17, 2021, 4:36 PM IST
  • Share this:
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্মদিন। আজিৰ দিনটোত সাংবাজিক অমিশ দেৱগনে মোদী মেজীকৰ ওপৰত কিছু ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিছে। যিয়ে কেইবছৰমানৰ পৰা বিশেষ ভাবে দেশত ক্ৰীয়া কৰি আছে। মহামাৰীৰ সময়তো দেশবাসীৰ পৰ বিশ্বাস আদায় কৰিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী মোদী। জনতাৰ কোনো দিন বিশ্বাস হেৰুওৱা নাই মোদীৰ ওপৰত।

কি কৈছে সাংবাদিক দেৱগনেঃ

এগৰাকী সাংবাদিক হিচাপে মই দেশত কোৰোণাৰ ভয়াৱহ দ্বিতীয় ঢৌৰ সময়ত বহু মানুহৰ সৈতে কথা পাতিছিলো। আৰু অধিকাংশই কৈছিল যে, প্ৰধানমন্ত্ৰী মোদী যেতিয়ালৈকে থাকিব, বেয়া দিনবোৰ সোনকালে শেষ কৰি, ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ এক সামাধানৰ পথ উলিয়াব। আৰু এই বিশ্বাসৰ অন্যতম কাৰণ হ'ল- গুজৰাটৰ মুখ্যমন্ত্ৰীত্বৰ কালছোৱাৰ পৰা প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ ৭ বছৰীয়া কাৰ্যকাল।

মাত্ৰ মনত পেলাওক চলিত বছৰৰ এপ্ৰিল মে'ৰ সেই ভয়ংকৰ সময়খিনিৰ কথা। কেন্দ্ৰীয় চৰকাৰৰ ভেকচিনেশ্যন প্ৰগ্ৰেম অতি সোনকালে আৰম্ভ কৰা হ'ল। আৰু আজি আমি অতি সহজে অতিক্ৰম কৰিলো সেই ভয়াৱহ সময়ৰ। চাৰি মাহত ৭৫ কোটিতকৈও অধিক ভেকচিন ইতিমধ্যে প্ৰদান কৰা হ'ল।

কিয় মানুহে বিশ্বাস কৰ মোদীক?

মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফালৰ পৰা চালে , মোদীৰ দৰে জনতাই বিশ্বাস কৰা নেতা পূৰ্বে কেতিয়াও দেখা নাছিলো। তেওঁ জনতাৰ বিশ্বাস ধৰি ৰাখিবলৈ সক্ষম হৈছে।

স্বচ্ছ ভাৰতঃ মোদীৰ পূৰ্বে কোনো ৰাজনৈতিক নেতাই স্বচ্ছতাক মানুহৰ জীৱনশৈলীৰ এক অংগলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হোৱা নাছিল। পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু ভাৰতক মুকলিশৌচ মুক্ত কৰাৰ প্ৰতিশ্ৰুতিৰে লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে কৰা ঘোষণাই আকৰ্ষিত কৰিছিল বহুজনক। আৰু তাৰ উত্তৰ আজি জনতাই লাভ কৰিছে। ২০১৪ৰ পূৰ্বৰ আৰু পিছৰ পৰিবেশে প্ৰমাণিত কৰিছে।

শৌচালয় ব্যৱহাৰৰ যি আহ্বানঃ মোদীৰ জনপ্ৰিয়তাৰ অন্য এক কাৰণ হ'ল- বৰ্তমান ভাৰতবৰ্ষৰ প্ৰতিঘৰতে আছে শৌচালয়ৰ সুবিধা। ইয়াৰ পূৰ্বে ৬০ শতাংশ ভাৰতীয় লোকৰ ঘৰতে নাছিল শৌচালয়। ইয়াৰ ফলত মহিলাসকলে বিশেষকৈ বহু কষ্ট সহ্য কৰিবলগীয়া হৈছিল। কিন্তু মোদীয়ে অতি কৌশলেৰে সমাধান কৰিলে এই সমস্যা।

মন কি বাতঃ জনসাধাৰণৰ সৈতে প্ৰত্যক্ষ যোগাযোগৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰে মন কি বাত নামেৰে এক ৰেডিও অনুষ্ঠানৰ।

ছাত্ৰ-ছাত্ৰীৰ সৈতে ইণ্টাৰেকশ্যনঃ এনে এক ব্যতিক্ৰমী অনুষ্ঠান মোদীৰ পূৰ্বে কোনো প্ৰধানমন্ত্ৰীয়েই কৰা নাছিল। পৰীক্ষাকলৈ প্ৰধানমন্ত্ৰীয়ে দিয়া পৰামৰ্শ আদি প্ৰশংসনীয়। প্ৰধানমন্ত্ৰী মোদীয়ে এই অনুষ্ঠানক কেতিয়াও ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰা নাছিল।

ফিটনেচঃ মোদীৰ পূৰ্বে কোনো ৰাজনৈতিক নেতাই ফিটনেচক জীৱনশৈলীত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা নাছিল। সদায় সু-স্বাস্থ্যক অগ্ৰাধিকাৰ দি আহিছে প্ৰধানমন্ত্ৰী মোদীয়ে। যোগক বিশ্বজুৰি জনপ্ৰিয় কৰি তুলিলে।

ক্ৰীড়া আৰু সংস্কৃতিঃ মোদীয়ে ভাৰতীয় খেলুৱৈসকলে আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা অৰ্জন কৰাটো বিচাৰে আৰু বহু বছৰ ধৰি কৈ আহিছে যে, খেলুৱৈসকলে অলিম্পিক গেমছৰ দৰে প্ৰতিযোগিতাত পদক জিকিব লাগে। তাৰ বাবে ২০১৪ চনৰ পৰাই আৰম্ভ কৰিছিল ব্যতিক্ৰমী প্ৰচেষ্টা। টকিঅ' অলিম্পিক আৰু পেৰা অলিম্পিকত ভাৰতৰ চমৎকাৰ প্ৰদৰ্শনৰ পৰা স্পষ্ট হোৱা প্ৰচেষ্টাবোৰে ফলাফল প্ৰদান কৰিছে। মোদীয়ে নিশ্চিত কৰিছে যে, খেলুৱৈসকলে তেওঁলোকৰ পদকৰ ক্ষুধাক উৎসাহিত কৰিবলৈ সৰ্বশ্ৰেষ্ঠ প্ৰশিক্ষণ লাভ কৰিব লাগিব।

পদ্ম পুৰষ্কাৰঃ প্ৰধানমন্ত্ৰী মোদীয়ে এই বঁটাসমূহক প্ৰকৃত অৰ্থত 'প্ৰকৃত ভাৰতীয় বঁটা' হিচাপে গঢ়ি তুলিলে। ইয়াৰ পূৰ্বে হয় পদ্ম বঁটা ক্ষমতাত থকা চৰকাৰৰ আদৰ্শত বিশ্বাসীসকলক প্ৰদান কৰা হৈছিল নহয়, চৰকাৰৰ একেবাৰে ওচৰত থকা ব্যক্তিসকলক। ফলত হেৰুৱাই পেলাইছিল বিশ্বাসযোগ্যতা। মোদীয়ে ইয়াক সাধাৰণ মানুহৰ বঁটা হিচাপে গঢ়ি তুলিছিল আৰু তেওঁলোকৰ সৈতে সংলগ্ন গৌৰৱ ঘূৰাই আনিছিল। তাৰ বাবে, চৰকাৰে ইয়াৰ বাছনি নীতি তৃণমূল স্তৰৰ পৰাই আৰম্ভ কৰিছিল আৰু সেই লোকসকলক বিচাৰিবলৈ আৰম্ভ কৰিছিল যিয়ে জনসাধাৰণৰ বাবে কাম কৰিছিল।

আত্মনিৰ্ভৰ ভাৰতঃ এগৰাকী নেতাৰ বাবে ৰাষ্ট্ৰৰ স্পন্দন বুজি পোৱা আৰু সকলোকে আস্থাত লৈ কাম কৰাটো অতি গুৰুত্বপূৰ্ণ। মোদীৰ 'মেক ইন ইণ্ডিয়া' আৰু 'আত্মনিৰ্ভৰ ভাৰত' কাৰ্যসূচীয়ে দীৰ্ঘম্যাদী সময়ত ভাৰতক স্বাৱলম্বী আৰু এক অৰ্থনৈতিক শক্তিক্ষেত্ৰ হিচাপে গঢ়ি তুলিব।
Published by: Himangshu Bhuyan
First published: September 17, 2021, 4:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি