• Home
  • »
  • News
  • »
  • nation
  • »
  • Narayan Rane Arrest Update : গ্ৰেপ্তাৰৰ পিছতে জামিন, জামিনৰ পিছতেই জন আশীৰ্বাদ যাত্ৰা, কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰক লৈ উত্তাল মহাৰাষ্ট্ৰ

Narayan Rane Arrest Update : গ্ৰেপ্তাৰৰ পিছতে জামিন, জামিনৰ পিছতেই জন আশীৰ্বাদ যাত্ৰা, কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰক লৈ উত্তাল মহাৰাষ্ট্ৰ

জন আশীৰ্বাদ যাত্ৰাত অংশ ল'বলৈ অহা নাৰায়ণ ৰাণে (Narayan Rane)ই ২৭ আগষ্টলৈ মুম্বাইত থাকিব। শুকুৰবাৰৰ পৰা পুনৰ তেওঁ আশীৰ্বাদ যাত্ৰাত অংশ ল'ব।

জন আশীৰ্বাদ যাত্ৰাত অংশ ল'বলৈ অহা নাৰায়ণ ৰাণে (Narayan Rane)ই ২৭ আগষ্টলৈ মুম্বাইত থাকিব। শুকুৰবাৰৰ পৰা পুনৰ তেওঁ আশীৰ্বাদ যাত্ৰাত অংশ ল'ব।

জন আশীৰ্বাদ যাত্ৰাত অংশ ল'বলৈ অহা নাৰায়ণ ৰাণে (Narayan Rane)ই ২৭ আগষ্টলৈ মুম্বাইত থাকিব। শুকুৰবাৰৰ পৰা পুনৰ তেওঁ আশীৰ্বাদ যাত্ৰাত অংশ ল'ব।

  • Share this:
কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে (Narayan Rane)ক গ্ৰেপ্তাৰৰ পিছতে উত্তাল হৈ পৰিছে মহাৰাষ্ট্ৰ আৰু উত্তাল হৈছে দেশ। মঙলবাৰে ৰাণেক গ্ৰেপ্তাৰ কৰা হয় যদিও পিছত জামিনত মুকলি কৰি দিয়া হয়। এই ঘটনাৰ পিছতে মহাৰাষ্ট্ৰৰ শিৱসেনা নেতৃত্বাধীন উদ্ধৱ থাকৰে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি।

সোমবাৰে উদ্ধৱ থাকৰে (Uddhav Thackeray)ক চৰিয়াম বুলি কোৱাৰ পিছত  মঙলবাৰে নাছিকত গ্ৰেপ্তাৰ কৰা হৈছিল নাৰায়ণ ৰাণেক। আজি ৰাণেৰ বিৰুদ্ধে দিয়া এজাহাৰ সমূহ খাৰিজ কৰাৰ বাবে বোম্বে হাই কোৰ্টট আবেদন জনাব কেন্দ্ৰীয় মন্ত্ৰগৰাকীয়ে।  উচ্চ ন্যায়ালয় চৌহদত ইতিমধ্যে নিৰাপত্তা কঠোৰ কৰি তোলা হৈছে।

জামিন লাভৰ পিছতে নাৰায়ণ ৰাণে নিশাই মুম্বাই (Mumbai)ত উপস্থিত হয়। ৰাণেৰ ঘৰৰ চাৰিওকাষে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা। শিৱ সেনা (Shiv Sena)ই আজি বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰিছে।

উল্লেখ্য যে জন আশীৰ্বাদ যাত্ৰাত অংশ ল'বলৈ অহা নাৰায়ণ ৰাণেই ২৭ আগষ্টলৈ মুম্বাইত থাকিব। শুকুৰবাৰৰ পৰা পুনৰ তেওঁ আশীৰ্বাদ যাত্ৰাত অংশ ল'ব।

ইপিনে ৰাণেৰ গ্ৰেপ্তাৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মহাৰাষ্ট্ৰ বিজেপিয়ে অভিযোগ কৰে যে উদ্ধৱ চৰকাৰে  ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে। আৰক্ষীৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি কেন্দ্ৰীয় মন্ত্ৰগৰাকীক ৰাজনৈতিক প্ৰতিশোধৰ লক্ষ্যৰে গ্ৰেপ্তাৰ কৰিছে বুলি অভিযোগ কৰে বিজেপিয়ে।
Published by:Manjumoni Borah
First published: