TIECON মুম্বাই ২০২০ৰ জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰা হয় ৰতন টাটাক
TIECON মুম্বাই ২০২০ৰ জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰা হয় ৰতন টাটাক
ভাৰতৰ কৰ্পৰেট খণ্ডৰ অন্যতম প্ৰভাৱশালী ব্যক্তি, ‘Infosys’ ৰ ক’ ফাউণ্ডাৰ এন আৰ নাৰায়ণ মুৰ্তিয়ে ৰতন টাটাৰ ভৰি চুই আশীৰ্বাদ লোৱা দৃশ্যই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। TIECON মুম্বাই ২০২০ৰ জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰা হয় ৰতন টাটাক। বঁটা প্ৰদান অনুষ্ঠানতে ৰতন টাটাৰ ভৰি চুই সেৱা কৰে এন আৰ নাৰায়ণ মুৰ্তিয়ে।
অনুষ্ঠানত ৰতন টাটাই কয় যে, ‘ব্যৱসায়ত নৈতিকতাৰ প্ৰয়োজন হয়। একে ৰাতিতে অধিক লাভ পোৱাৰ চিন্তা কৰিব নালেগে। যিসকল বিনিয়োগকাৰী লোকচানৰ সন্মুখীন হোৱাৰ পিছত নোপোৱা হয় যায়, তেওঁলোকে আকৌ দ্বিতীয়বাৰৰ বাবে সুবিধা পোৱাৰ সম্ভাৱনা নাথাকে।’ তেওঁ লগতে কয় যে, ‘আগৰ দিনৰ ব্যৱসায় লাহে লাহে দুৰ্বল হৈ আহিছে। সেয়েহে বৰ্তমান সময়ত ইনোভেটিভ কোম্পানীৰ নতুন ফাউণ্ডাৰসকলেই ভৱিষ্যতে ইণ্ডিয়ান বিজনেছৰ লীডাৰ হ’ব।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|