পছন্দৰ আমিষ এৰি আহমেদাবাদত ট্ৰাম্পে খাব সম্পূৰ্ণ নিৰামিষ আহাৰ, কি কি থাকিব ট্ৰাম্পৰ মেন্যুত?

News18 Assam | News18-Assam
Updated:February 24, 2020, 10:44 AM IST
পছন্দৰ আমিষ এৰি আহমেদাবাদত ট্ৰাম্পে খাব সম্পূৰ্ণ নিৰামিষ আহাৰ, কি কি থাকিব ট্ৰাম্পৰ মেন্যুত?
Photo : Teller Report

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাবে খাদ্য প্ৰস্তুত কৰাৰ দায়িত্ব দিয়া হৈছে চেফ সুৰেশ খান্নাক। সুৰেশ খান্না আহমেদাবাদৰ ফৰ্চুন লেণ্ডমাৰ্ক হোটেলৰ চেফ।

  • News18 Assam
  • Last Updated: February 24, 2020, 10:44 AM IST
  • Share this:
কিছু সময় পিছতে পৰিয়ালসহ ভাৰতত উপস্থিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। আমেৰিকাৰ পৰা বাহিৰত থাকিলে সাধাৰণতে ট্ৰাম্পক যোগান ধৰা হয় তেওঁৰ পছন্দৰ খাদ্য। আমিষ খাই ভাল পোৱা ট্ৰাম্পে আহমেদাবাদত কিন্তু গ্ৰহণ কৰিব সম্পূৰ্ণ নিৰামিষ খাদ্য। আমেৰিকাৰ টিভি চেনেল CNNৰ মতে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্ধু ড’নাল্ড ট্ৰাম্পৰ বাবে গুজৰাটৰ সুস্বাদু ব্যঞ্জনৰ ব্যৱস্থা কৰিছে।

CNN–এ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে কেইবাবাৰো আহাৰ গ্ৰহণ কৰা এগৰাকী ঘনিষ্ঠৰ উদ্ধৃতিৰে লিখিছে যে ট্ৰাম্পে ছালাদ ভাল পায়, কিন্তু তাৰ বাহিৰে আন কোনো নিৰামিষ খোৱা দেখা নাই। কিন্তু আহমেদাবাদত ট্ৰাম্পে সেয়া কৰিবলগীয়া হ’ব পাৰে। ৩৬ ঘণ্টাৰ ভাৰত যাত্ৰাৰ সময়ত ট্ৰাম্পে কেইবাবাৰো মোদীৰ সৈতে আহাৰ গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোদী নিজেই নিৰামিষভোজী। সেয়েহে ট্ৰাম্পৰ বাবেও নিৰামিষ খাদ্যৰে ব্যৱস্থা কৰা হৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাবে খাদ্য প্ৰস্তুত কৰাৰ দায়িত্ব দিয়া হৈছে চেফ সুৰেশ খান্নাক। সুৰেশ খান্না আহমেদাবাদৰ ফৰ্চুন লেণ্ডমাৰ্ক হোটেলৰ চেফ। ANIৰ সৈতে কথা–বতৰাত সুৰেশ খান্নাই কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতিক আগবঢ়োৱা হ’ব ফৰ্চুন ছিগনেচাৰ কুকিজ, থলুৱা গুজৰাটী খাদ্য খমন, স্পেচিয়েল গুজৰাটী জিনজাৰ টী, ব্ৰ’কলী আৰু কৰ্ণ শিঙৰা, আইচ টী আৰু গ্ৰীণ টী। ইয়াৰ উপৰি দালচিনি–এপল পাই থাকিব ট্ৰাম্পৰ মেন্যুত।

সুৰেশ খান্নাই কয় যে প্ৰধানমন্ত্ৰী মোদীৰ বাবে বিশেষ আদা আৰু মচলা চাহৰ ব্যৱস্থা কৰা হ’ব। তদুপৰি ঢোকলা আৰু আন গুজৰাটী ব্যঞ্জন প্ৰস্তুত কৰা হ’ব মোদীৰ বাবে।
আৰু চাওক
পৰৱৰ্তী বাতৰি