জম্মুত বৰ্তমান সময়ত অধিক কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। নাগৰোটাৰ ৱান টোপ প্লাজাত আত্মগোপণ কৰি আছিল সন্ত্ৰাসবাদীয়ে। সেই ঠাইতে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত চাৰিটা সন্ত্ৰাসবাদীৰ মৃত্যু হয়। ঘটনাত এজন জোৱানো গুৰুতৰ ভাবে আহত হৈছে। ঘটনাৰ পিছতে এতিয়া হাইৱে’ টোল প্লাজাত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে।
নাগৰোটা এনকাউণ্টাৰকলৈ গৃহমন্ত্ৰী, এন এছ এ, বিদেশ সচিব লগতে ইণ্টেলিজেন্স ব্যুৰ’ৰ শীৰ্ষ বিষয়াৰ সৈতে শুকুৰবাৰে এখন বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। খবৰ অনুসৰি, ২৬/১১ ঘটনাৰ ১২তম বৰ্ষপূৰ্তিত ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা কৰিছে সন্ত্ৰাসবাদীয়ে। ফলস্বৰূপে এতিয়া অধিক কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।
বৃহস্পতিবাৰে নিশা সন্ত্ৰাসবাদীয়ে আত্মগোপণ কৰি থকাৰ খবৰ লাভ কৰি অভিযান চলাইছিল নিৰাপত্তাৰক্ষীয়ে। আনকি ঠায়ে ঠায়ে তালাচী চলোৱা হৈছিল। সেই সময়তে নিৰাপত্তা বাহিনীৰ ওপৰত ধাৰাসাৰ গুলীবৰ্ষণ কৰে লুকাই থকা সন্ত্ৰাসবাদীৰ দলে। ইয়াৰ পিছতে আৰম্ভ হয় সংঘৰ্ষ। জানিব পৰা মতে, সন্ত্ৰাসবাদীৰ দলটোৱে জম্মুৰ পৰা কাশ্মীৰলৈ যোৱাৰ যো-জা চলাইছিল। ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ সাময়িক ভাবে বন্ধ কৰি দিয়া হৈছে। সন্ত্ৰাসবাদীৰ দলটোৰ পৰা বিস্ফোৰক আৰু মাৰাণস্ত্ৰ জব্দ কৰা হৈছে।থ
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|