• Home
  • »
  • News
  • »
  • nation
  • »
  • উচ্চতা মাত্ৰ ২ ফুট! গীণিজ বুক স্থান পোৱা জ্যোতি এতিয়া নায়িকা!

উচ্চতা মাত্ৰ ২ ফুট! গীণিজ বুক স্থান পোৱা জ্যোতি এতিয়া নায়িকা!

জ্যোতিৰ মাতৃয়ে সংবাদ মাধ্যমক জনা, কন্যাৰ বয়স যেতিয়া পাঁচ বছৰ হৈছিল, তেতিয়াই এই শাৰীৰিক বিসংগতিৰ দিশতো ধৰা পৰিছিল।

জ্যোতিৰ মাতৃয়ে সংবাদ মাধ্যমক জনা, কন্যাৰ বয়স যেতিয়া পাঁচ বছৰ হৈছিল, তেতিয়াই এই শাৰীৰিক বিসংগতিৰ দিশতো ধৰা পৰিছিল।

জ্যোতিৰ মাতৃয়ে সংবাদ মাধ্যমক জনা, কন্যাৰ বয়স যেতিয়া পাঁচ বছৰ হৈছিল, তেতিয়াই এই শাৰীৰিক বিসংগতিৰ দিশতো ধৰা পৰিছিল।

  • Share this:
সাধাৰণ মানুহতকৈ কোনো দিশত আন ধৰণৰ হ’লেই সমাজত উপহাসৰ চিকাৰ হ’বলগীয়া হয়। এই দিশৰ পৰা উপহাসৰ লক্ষ্যত থাকে বিশেষভাৱে সেইসকল লোক যিসকল শাৰীৰিকভাৱে আনৰ তুলনাত শকত বা ক্ষীণ, ওখ বা চাপৰ! কিন্তু উচ্চতা মাত্ৰ ২ ফুট হোৱা সত্ত্বেও সৌভাগ্যৱশত মহাৰাষ্ট্ৰৰ নাগৰপুৰৰ জ্যোতি কিষাণজি অমগে বিদ্ৰুপৰ চিকাৰ বহু হ’বলগীয়া হোৱা নাই। তাৰ পৰিৱৰ্তি জ্যোতিয়ে পাইছে চেলিব্ৰিটীৰ দৰেই ব্যৱহাৰ।

জ্যোতিয়ে আজি ২৭ বছৰত ভৰি দিলে। ২৭ বছৰত হয়তো বহু অভিজ্ঞতাৰ সন্মুখীন হ’বলীয়া হৈছে। কিন্তু প্ৰাপ্তিও আছে জ্যোতিৰ জীৱনত। শাৰীৰিক ফালৰ পৰা কিছু অভাৱ থাকিলেও বিধাতাই সৌভাগ্যৰ তালিকাত সেই অভাৱ যেন পূৰ্ণ কৰি দিছে। শাৰীৰিক উচ্চতাৰ বাবে জ্যোতিয়ে স্বীকৃতি পাইছে বিশ্বৰ ক্ষুদ্ৰকায়া নাৰীৰ, যাৰ ফলত গীণিজ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট হৈছে জ্যোতিৰ নাম।

জ্যোতিৰ মাতৃয়ে সংবাদ মাধ্যমক জনা, কন্যাৰ বয়স যেতিয়া পাঁচ বছৰ হৈছিল, তেতিয়াই এই শাৰীৰিক বিসংগতিৰ দিশতো ধৰা পৰিছিল। পাঁচ বছৰৰ শিশুৰ তুলনাত জ্যোতিৰ বৃদ্ধি আছিল উল্লেখযোগ্যভাৱে কম। ইয়াৰ পিছত চিকিৎসকৰ ওচৰলৈ নিয়া হয়। জনা গ’ল যে জ্যোতি একনড্ৰ’প্লাছিয়া নামৰ এক বিশেষ ৰোগৰ চিকাৰ হৈছে। এই ৰোগত আক্ৰান্তসকলৰ উচ্চতা এক নিৰ্দিষ্ট সীমাৰ পিছত আৰু নাবাঢ়ে। জ্যোতি সেয়েহে ২ ফুটতে সীমাবদ্ধ থাকিল, মাতৃৰ এই তথ্য সমৰ্থন কৰিছে গীণিজ বুকেও।








View this post on Instagram






A post shared by Jyoti Amge (@jyoti_amge)




তদুপৰি গীণিজ বুকৰ সূত্ৰত জনা গৈছে যে জ্যোতিৰ জন্মৰ সময়ত যিমান ওজন আছিল, পিছত মাত্ৰ ৪ কিলোগ্ৰাম বৃদ্ধি পাইছিল!








View this post on Instagram






A post shared by Jyoti Amge (@jyoti_amge)




গীণিজ বুকত নাম অন্তৰ্ভুক্ত হ’লে কি হ’ব পাৰে সেয়া নিসন্দেহে ক’ব পাৰি। এই সূত্ৰে জ্যোতিয়ে নানা টিভি শ্ব’ত সগৌৰৱে উপস্থিত হয়। মিকা সিঙৰ গানৰ ভিডিঅ’তো ভুমুকি মাৰিছে জ্যোতিয়ে। তদুপৰি জ্যোতিক লৈ পৃথকে এখন তথ্যচিত্ৰও নিৰ্মাণ হৈছে, যাৰ নাম টু ফুট টল টিন।

সাজ–সজ্জাৰ উপৰি খোৱা–লোৱাৰ বাচনো জ্যোতিৰ বাবে পৃথককৈ বনাই দিবলগীয়া হয়। কিন্তু জীৱনক লৈ কোনো অভিযোগ নাই জ্যোতিৰ। এই শাৰীৰিক গঠনক লৈ গৰ্বিত জ্যোতি।
Published by:Sanjay Kumar Das
First published: