• Home
  • »
  • News
  • »
  • nation
  • »
  • ‘ৰমজানৰ কৰ্তব্য’ হিচাপে নাগপুৰৰ কোটিপতিয়ে কোৰোণা ৰোগীৰ অক্সিজেনৰ বাবে ব্যয় কৰিলে ৮৫ লাখ টকা

‘ৰমজানৰ কৰ্তব্য’ হিচাপে নাগপুৰৰ কোটিপতিয়ে কোৰোণা ৰোগীৰ অক্সিজেনৰ বাবে ব্যয় কৰিলে ৮৫ লাখ টকা

খানৰ মতে, অক্সিজেনৰ ব্যয় হৈছে সংকটৰ সময়ত মানৱতাৰ প্ৰতি তেওঁৰ সেৱা।

খানৰ মতে, অক্সিজেনৰ ব্যয় হৈছে সংকটৰ সময়ত মানৱতাৰ প্ৰতি তেওঁৰ সেৱা।

খানৰ মতে, অক্সিজেনৰ ব্যয় হৈছে সংকটৰ সময়ত মানৱতাৰ প্ৰতি তেওঁৰ সেৱা।

  • Share this:
এক ভয়ংকৰ সময়ৰ সৈতে যুঁজিছে দেশে। ভাৰতে কোভিড-১৯ (Covid-19)ৰ এক মাৰাত্মক দ্বিতীয় ঢৌৰ সৈতে যুঁজি থাকিবলগীয়া হোৱাৰ সময়ত অত্যধিক ভাৰাক্ৰান্ত হৈছে স্বাস্থ্যসেৱা। মানুহে চিকিৎসালয়ৰ বিচনা আৰু অক্সিজেন চিলিণ্ডাৰৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হৈ আছে। এই সময়ত একাংশ হৃদয়ৱান ব্যক্তিয়ে উদ্ধাৰকৰ্তা হিচাপে আত্মপ্ৰকাশ কৰিছে।

সমগ্ৰ দেশতে অক্সিজেনৰ অভাৱৰ মাজতে, নাগপুৰ (Nagpur)ৰ এজন কোটিপতি প্যাৰে খানে (Pyare Khan) ৮৫ লাখ টকা ব্যয় কৰিছে বুলি জানিব পৰা গৈছে। তেওঁ নিশ্চিত কৰিছে যে কোভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে নাগপুৰ আৰু ইয়াৰ আশে-পাশে থকা চৰকাৰী চিকিৎসালয়সমূহত ৪০০ মেট্ৰিক টন অক্সিজেন উপলব্ধ হ'ব।

খান, এজন আগশাৰীৰ পৰিবহণকাৰী আৰু চিকিৎসালয়সমূহক অক্সিজেন প্ৰদান কৰি আহিছে। তেওঁ এতিয়ালৈকে ৩২ টন অক্সিজেন প্ৰদান কৰিছে বুলি ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে। তাজবাগৰ বস্তিৰ এজন সৰু গ্ৰোচাৰৰ পুত্ৰ খানে ১৯৯৫ চনত নাগপুৰ ৰে’ল ষ্টেচনৰ বাহিৰত কমলা বিক্ৰীৰে ব্যৱসায় আৰম্ভ কৰিছিল আৰু এতিয়া ৪০০ কোটি টকাৰ এটা কোম্পানীৰ মালিক।

নাগপুৰ প্ৰশাসনে তেওঁক অক্সিজেন পৰিবহণৰ বাবে পৰিশোধ কৰাৰ প্ৰস্তাৱ দিছে, অৱশ্যে খানে পবিত্ৰ ৰমজান মাহত ব্যয় কৰাটো তেওঁৰ কৰ্তব্য বুলি মন্তব্য কৰে। পবিত্ৰ গ্ৰন্থ অনুসৰি, জাকাত হৈছে এক ধৰ্মীয় বাধ্যবাধকতা, যিয়ে প্ৰয়োজনীয় চৰ্ত পূৰণ কৰা সকলো মুছলমানক প্ৰতি বছৰে এক নিৰ্দিষ্ট অংশৰ সম্পত্তি দান কৰিবলৈ আদেশ দিয়ে।

খানৰ মতে, অক্সিজেনৰ ব্যয় হৈছে সংকটৰ সময়ত মানৱতাৰ প্ৰতি তেওঁৰ সেৱা। খবৰ অনুসৰি, খানে বাংগালুৰুৰ পৰা দুখন ক্ৰায়'জেনিক গেছ টেংকাৰ ভাড়া কৰিবলৈ তিনিগুণ অধিক ধন পৰিশোধ কৰিছিল। নাগপুৰত বৰ্ধিত মৃত্যুৰ হাৰৰ মাজত অক্সিজেনৰ চাহিদা বৃদ্ধি হোৱাৰ লগে লগে, তেওঁ টেংকাৰবোৰৰ বজাৰ মূল্যতকৈ ১৪ লাখ টকা অধিক পৰিশোধ কৰে।

তেওঁৰ উদ্যোগত ১৬৬টা অক্সিজেন কনচেনট্ৰেটৰ অন্তৰ্ভুক্ত আছে, যিবোৰ তেওঁ নাগপুৰৰ AIIMS, চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (GMCH) আৰু ইন্দিৰা গান্ধী চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (IGCMCH)লৈ দান কৰাৰ লক্ষ্য ৰাখিছে। নেপাল, বাংলাদেশ আৰু ভূটানত কাৰ্যালয় থকা সমগ্ৰ ভাৰতত ২,০০০ ট্ৰাকৰ নেটৱৰ্ক পৰিচালনা কৰা খানে তেওঁৰ আশ্মি ৰোড কেৰিয়াৰ প্ৰাইভেট লিমিটেডত ১,২০০ৰো অধিক লোকক নিযুক্তি দিয়ে।
Published by:Sanjay Kumar Das
First published: