পশ্চিম ৰাজস্থানৰ জোধপুৰ সম্ভাগস্থিত নাগৌৰ জিলাত এজন এনেকুৱা লোক আছে যিয়ে বছৰত ৩০০ দিন শুই কটায়। তেওঁৰ খোৱাৰ পৰা গা ধোৱালৈ সকলো টোপনিতে হয়। শুনিবলৈ আজৱ যেন লাগিলেও এয়া সঁচা। ৪২ বছৰীয়া পুৰখাৰাম নামৰ লোকজন এক আশ্চৰ্যকৰ ৰোগত আক্ৰান্ত। চিকিৎসকৰ মতে, এয়া এক্সিছ হাইপাৰছোমনিয়া (Axis hypersomnia)ৰ ঘটনা। এনেকুৱা বেমাৰ বহু কম লোকৰ ক্ষেত্ৰত হোৱা দেখা যায়। এয়া একধৰণৰ মনোৰোগ। পুৰখাৰামে এবাৰ শুলে ২৫ দিনলৈ সাৰ নাপায়। ইয়াৰ আৰম্ভণি ২৩ বছৰ পূৰ্বেই হৈছিল। টোপনিৰ ৰোগ (Sleeping sickness)ত আক্ৰান্ত এই লোকজনক গাঁওবাসীয়ে কুম্ভকৰ্ণ আখ্যা দিছে।
জানিব পৰা মতে, পুৰখাৰামৰ এখন দোকান আছে, যিখন মাহত কোনোমতে ৫দিন খুলিব পাৰে। চিকিৎসকৰ মতে, পুৰখাৰামৰ এক্সিছ হাইপাৰছোমনিয়া নামৰ বেমাৰ আছে। পুৰখাৰামৰ পৰিয়ালৰ মতে, তেওঁ কেইবাবাৰো শোৱাৰ পিছত ২০–২৫ দিনলৈ উঠা নাছিল। আৰম্ভণিতে পুৰখাৰামে ৫ৰ পৰা ৭ দিনলৈ শুইছিল আৰু উঠাবলৈ বহু যত্ন কৰিবলগীয়া হৈছিল।
পৰিয়ালে তেওঁক চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল, কিন্তু বেমাৰ ধৰা নপৰিল। লাহে লাহে পুৰখাৰামৰ শোৱাৰ সময় বাঢ়ি আহিবলৈ ধৰিলে। এতিয়া অৱস্থা এনেকুৱা হৈছেগৈ যে পুৰখাৰামে শুলে কেতিয়াবা ২৫ দিনলৈ নুঠে।
পুৰখাৰামে কয় যে তেওঁৰ আন কোনো সমস্যা নাই। কেৱল টোপনি আহি থাকে। তেওঁ সাৰ পাই থাকিব বিচাৰে কিন্তু শৰীৰে তেওঁৰ সংগ নিদিয়ে। ২০১৫ৰ পৰা তেওঁৰ এই বেমাৰটো বেছি হৈছিল। পূৰ্বে প্ৰায় ১৮ ঘণ্টাকৈ টোপনি আহিছিল। লাহে লাহে সময় বাঢ়ি যাবলৈ ধৰিলে। এতিয়া প্ৰায় তেওঁ ২০–২৫ দিনলৈ শুই থাকে। পুৰখাৰামে কয় যে যেতিয়া তেওঁ ভোকত থাকে তেতিয়া টোপনি নাহে।
পুৰখাৰামে কয় যে তেওঁ দীঘলীয়া টোপনিৰ বেমাৰৰ বিষয়ে আগতেই গম পায়। এদিন পূৰ্বেই তেওঁৰ মূৰৰ বিষ হ’বলৈ আৰম্ভ কৰে। শোৱাৰ পিছত উঠাতো অসম্ভৱ হৈ পৰে। পৰিয়ালে তেওঁক টোপনিতে খাদ্য খুৱায়। এতিয়ালৈ পুৰখাৰামে টোপনি কোনো চিকিৎসা পোৱা নাই। কিন্তু তেওঁৰ মাতৃ আৰু পত্নীৰ বিশ্বাস এদিন ভাল হৈ উঠিব তেওঁ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|