உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • নাগালেণ্ডৰ ঘটনাকলৈ উত্তাল লোকসভা, ৰাজ্যখনৰ ইতিহাসত 'ক'লা দিন' আখ্যা সাংসদ গৌৰৱ গগৈৰ

    নাগালেণ্ডৰ ঘটনাকলৈ উত্তাল লোকসভা, ৰাজ্যখনৰ ইতিহাসত 'ক'লা দিন' আখ্যা সাংসদ গৌৰৱ গগৈৰ

    নাগালেণ্ডৰ বৰ্বৰ ঘটনাকলৈ সোমবাৰে উত্তাল হৈ পৰে লোকসভা। ১৫ জনকৈ নিৰীহলোকক গুলীয়াই হত্যা কৰা ঘটনাক তীব্ৰ ভাবে গৰিহণা দিয়ে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে।

    নাগালেণ্ডৰ বৰ্বৰ ঘটনাকলৈ সোমবাৰে উত্তাল হৈ পৰে লোকসভা। ১৫ জনকৈ নিৰীহলোকক গুলীয়াই হত্যা কৰা ঘটনাক তীব্ৰ ভাবে গৰিহণা দিয়ে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে।

    নাগালেণ্ডৰ বৰ্বৰ ঘটনাকলৈ সোমবাৰে উত্তাল হৈ পৰে লোকসভা। ১৫ জনকৈ নিৰীহলোকক গুলীয়াই হত্যা কৰা ঘটনাক তীব্ৰ ভাবে গৰিহণা দিয়ে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে।

    • Share this:
    নাগালেণ্ডৰ বৰ্বৰ ঘটনাকলৈ সোমবাৰে উত্তাল হৈ পৰে লোকসভা। ১৫ জনকৈ নিৰীহলোকক গুলীয়াই হত্যা কৰা ঘটনাক তীব্ৰ ভাবে গৰিহণা দিয়ে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে। সাংসদ গগৈয়ে ৰাজ্যখনৰ ইতিহাসত কলা দিন আখ্যা দিয়ে। লগতে এই হত্যাকাণ্ডৰ বাবে চোৰাংচোৱাৰ ব্যৰ্থতাক দোষাৰোপ কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে।

    গৌৰৱ গগৈয়ে কয় যে, “সকলোৰে মনত প্ৰশ্ন উত্থাপিত হৈছে যে কেনেকৈ নিৰস্ত্ৰ নাগৰিকসকলৰ এটা গোটক কট্টৰ উগ্ৰপন্থীৰ সৈতে সাঙুৰি পেলোৱা হ’ল। আনহাতে গৌৰৱ গগৈয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ঘটনা সন্দৰ্ভত বিবৃতি দিবলৈ আৰু হত্যাকাণ্ডৰ বলি হোৱা শ্ৰমিকৰ পৰিয়ালৰ বাবে অনুদান ঘোষণা কৰিবলৈও আহ্বান জনায়।

    উল্লেখ্য যে, শনিবাৰৰ এই আক্ৰমণৰ পিছতে আছাম ৰাইফলছৰ মন জিলাত থকা ২৭নং শিবিৰত কেইবাশতাধিক নগা লোকে আক্ৰমণ কৰে। আছাম ৰাইফলছৰ শিবিৰত অগ্নিসংযোগো কৰে উত্তেজিত লোকে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগা হয়।

    ইপিনে নাগালেণ্ডত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। মন জিলাত জাৰি কৰা হৈছে ১৪৪ ধাৰা। ৫ জনতকৈ অধিক লোকৰ সমাগমত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে যান–বাহন চলাচলতো জাৰি কৰিছে নিষেধাজ্ঞা। ইপিনে নিৰীহ লোকৰ মৃত্যুৰ ঘটনাৰ ক্ষীপ্ৰ তদন্তৰ বাবে মহাপৰিদৰ্শক এল জমিৰৰ নেতৃত্বত SIT গঠন কৰিছে চৰকাৰে। নাগালেণ্ড চৰকাৰে গঠন কৰি দিলে এল জমিৰৰ নেতৃত্বত পাঁচজনীয়া SIT৷।

    উল্লেখ্য যে, আছাম ৰাইফলছৰ নিৰ্বিচাৰ গুলীচালনাত ১৫ জনকৈ নিৰীহলোকৰ মৃত্যুৰ পাছত নাগালেণ্ডত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই নৃশংস হত্যাকাণ্ডৰ বাবে গৃহ মন্ত্ৰণালয়ক জবাবদিহি কৰিছিল।

    নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ৱাই পেট্টন, DGPকে ধৰি শীৰ্ষ বিষয়াসকলে মন জিলাত বাহৰ পাতি আছে। আজি পৰিস্থিতিক লৈ নাগালেণ্ড চৰকাৰৰ কেবিনেট বৈঠকো অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ–পূবৰ গৃহ সচিবৰ উপস্থিতিত মুখ্য সচিবৰ নেতৃত্বতো আন এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হ'ব। সমগ্ৰ ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ সকলো চেষ্টা কৰিছে চৰকাৰে।
    Published by:Himangshu Bhuyan
    First published: