শ্ৰীলংকাত ISৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছতে নাগালেণ্ডত ৰেড এলাৰ্ট জাৰি

প্ৰতিশোধৰ বাবেই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকক কুখ্যাত সন্ত্ৰাসবাদী সংগঠন IS-এ আক্ৰমণ চলোৱাৰ পিছতে নাগালেণ্ডত জাৰী কৰা হৈছে এলাৰ্ট।

news18assam
Updated:April 24, 2019, 8:01 PM IST
শ্ৰীলংকাত ISৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছতে নাগালেণ্ডত ৰেড এলাৰ্ট জাৰি
প্ৰতিশোধৰ বাবেই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকক কুখ্যাত সন্ত্ৰাসবাদী সংগঠন IS-এ আক্ৰমণ চলোৱাৰ পিছতে নাগালেণ্ডত জাৰী কৰা হৈছে এলাৰ্ট।
news18assam
Updated: April 24, 2019, 8:01 PM IST
বিজু কুমাৰ ডেকাঃ নাগালেণ্ডতো সংঘটিত হ’ব পাৰে শ্ৰীলংকাৰ লেখীয়া ধাৰাবাহিক বোমা বিস্ফোৰণ! এই আশংকাত অসমৰ চুবুৰীয়া পাহাৰীয়া ৰাজ্য নাগালেণ্ডত জাৰি কৰা হৈছে ৰেড এলাৰ্ট ৷ দেওবাৰে দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকাত পৱিত্ৰ ইষ্টাৰৰ দিনটোতে সংঘটিত অতি ভয়ংকৰ ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে খ্ৰীষ্টান ধৰ্মাৱলম্বী প্ৰধান আন আন দেশসমূহত ৷


ইয়াৰ মাজতে নাগালেণ্ডৰ মুখ্য সচিব টেমজেন টয়ে শ্ৰীলংকাত দেওবাৰে সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ এদিন পিছতে জাৰি কৰিছে ৰেড এলাৰ্ট ৷ মুখ্য সচিব টেমজেন টয়ে নাগালেণ্ড আৰক্ষীৰ সঞ্চালক প্ৰধান, আছাম ৰাইফলচৰ মহাপৰিদৰ্শক আৰু কহিমাত থকা ইন্টেলিজেন্স ব্ৰুৰ'ৰ যুটীয়া সঞ্চালকলৈ লিখা এক পত্ৰত বিশেষ সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰিলৈ নিৰ্দেশ দিছে ৷



মুখ্য সচিব টেমজেন টয়ে ২২ এপ্ৰিলত জাৰি কৰা পত্ৰ নং CSO/Misc- 2/2018ত সংশ্লিষ্ট তিনিটা বিভাগৰ মূৰব্বীক এনেদৰে নিৰ্দেশ দিছে- "The bomb blasts that took place in Sri Lanka on 21st April 2019 needs to be examined in the right perspectives as the possibility of such incidents occurring even in Nagaland can't be ruled out. Director Generel of Police, Nagaland may, therefore, have a thorough review of the States preparedness on preventing similar incidents in Nagaland".




এনেদৰে নাগালেণ্ড আৰক্ষীৰ সঞ্চালক প্ৰধানক শ্ৰীলংকা লেখিয়া প্ৰলয়ংকৰী ঘটনাৰ পৰা নাগালেণ্ডক ৰক্ষা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে মুখ্য সচিব টয়ে ৷ লগতে এই সন্দৰ্ভত নাগালেণ্ডৰ ৰাইজক সজাগ কৰি এক এক্সন প্লেন প্ৰস্তুত কৰিবলৈও আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়ে ৷


উল্লেখ যোগ্য যে দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকাত গীৰ্জা আৰু সম্ভান্ত হোটেলত আক্ৰমণ কৰাৰ মূলতে লক্ষ্য আছিল খ্ৰীষ্টান ধৰ্মালম্বী ৷ যি লোমহৰ্ষক আক্ৰমণত প্ৰাণ দিবলগীয়া হৈছাল ৩৬০জন লোকে ৷ আহত হৈছিল পাঁচশতাধিক লোক ৷ এই অমানৱীয়, লোমহৰ্ষক আক্ৰমণৰ সন্দৰ্ভত ইতিমধ্যে কুখ্যাত সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট (আইএছ)-এ দায়িত্ব স্বীকাৰ কৰিছে ৷


খ্ৰীষ্টান ধৰ্মালম্বীক লক্ষ্য কৰি চলোৱা এই আক্ৰমণৰ পিছতেই খ্ৰীষ্টান ধৰ্মাৱলম্বী অধ্যুষিত ৰাজ্য নাগালেণ্ডত জাৰি কৰা হৈছে ৰেড এলাৰ্ট ৷


উল্লেখ্য যে নাগালেণ্ডৰ মুঠ জনসংখ্যা ১.৯৭৮ মিলিয়ন আৰু ইয়াৰে ৮৮ শতাংশই খ্ৰীষ্টান ৷
আৰু চাওক পৰৱৰ্তী বাতৰি