NSCN(IM) আৰু NSCN(U)ক লৈ নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জেলিয়াঙৰ প্ৰাৰ্থনা সভা

News18-Assam
Updated:November 24, 2019, 6:25 PM IST
NSCN(IM) আৰু NSCN(U)ক লৈ নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জেলিয়াঙৰ প্ৰাৰ্থনা সভা
নগা চূড়ান্ত চুক্তিৰ পূৰ্বে নগা বিদ্ৰোহী সংগঠনসমূহক একত্ৰিত কৰাৰ প্ৰচেষ্টাৰ মাজতে শনিবাৰে এক বিশেষ উদ্যোগ ল'লে টিআৰ জেলিয়াঙে

নগা চূড়ান্ত চুক্তিৰ পূৰ্বে নগা বিদ্ৰোহী সংগঠনসমূহক একত্ৰিত কৰাৰ প্ৰচেষ্টাৰ মাজতে শনিবাৰে এক বিশেষ উদ্যোগ ল'লে টিআৰ জেলিয়াঙে

  • Share this:
বিজু কুমাৰ ডেকা:  নগা চূড়ান্ত চুক্তিৰ পূৰ্বে নগা বিদ্ৰোহী সংগঠনসমূহক একত্ৰিত কৰাৰ প্ৰচেষ্টাৰ মাজতে শনিবাৰে এক বিশেষ উদ্যোগ ল'লে টিআৰ জেলিয়াঙে ৷ নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নাগা পিপলচ ফ্ৰন্ট (NPF)ৰ জেষ্ঠ নেতা জেলিয়াঙেে NSCN(IM) আৰু NSCN(U)ৰ নেতৃত্বৰে একেলগে এক প্ৰাৰ্থনা সভাত অংশ লয় ৷

জেলিয়াঙৰ সৈতে NPFৰ একাংশ নেতায়েও এই প্ৰাৰ্থনা সভাত অংশ লয় ৷ লগতে প্ৰাৰ্থনা সভাত উপস্থিত থাকে নাগালেণ্ড গাওবুঢ়া ফেডাৰেছন আৰু নাগা মাডাৰছ এছচিয়েচনৰ প্ৰতিনিধিও উপস্থিত থাকে ৷ নগা জাতিৰ বাবে মংগল কামনাৰে কৰা এই প্ৰাৰ্থনা সভাত প্ৰথমবাৰৰ বাবে NSCN(IM) আৰু NSCN(U)ৰ প্ৰতিনিধিয়ে একেলগে প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰা দেখা গ'ল ৷

আশা কৰা হৈছে আসন্ন বৰদিনৰ সময়তে ভাৰত চৰকাৰে নগা বিদ্ৰোহী গোটসমূহৰ সৈতে স্বাক্ষৰ কৰিব বহু প্ৰত্যাখিত চূড়ান্ত চুক্তি ৷ কিন্তুু NSCN(IM)ৰ একাংশ নেতাই এই চুক্তিৰ বিৰোধিতা কৰি ইতিমধ্যে কেম্প হেব্ৰুন ত্যাগ কৰি ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থান কৰিছে ৷ আনকি নগা আৰ্মীৰ মুখ্য সেনাধ্যক্ষ ফুংটিন ছিমৰাঙে তিনি সৰ্তীথসহ চীনৰ সহায় বিচাৰি য়ুনান প্ৰদেশত আশ্ৰয় লৈছে গৈ ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি