২৭ ফেব্ৰুৱাৰীৰ নিৰ্বাচনৰ প্ৰাকক্ষণত নগা ৰাইজক শাসকীয় NDPP আৰু BJPয়ে দিছে অলেখ এবুৰি প্ৰতিশ্ৰুতি ৷ বহি থকা নাই কংগ্ৰেছো ৷ কিন্তু কোনো দলেই দিয়া নাই সাত দশক পুৰণি নগা সমস্যাৰ মীমাংসাৰ সঠিক প্ৰতিশ্ৰুতি ৷
মংগলবাৰে নাগালেণ্ডত শাসকীয় NDPP আৰু BJPৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে BJPৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডায়ে ৷ NDPPৰ সৈতে আগন্তুক পাঁচ বছৰ পুনৰ নাগালেণ্ডত শাসন চলাবলৈ BJP সাজু বুলি ঘোষণা কৰিলে জেপি নাড্ডায়ে ৷ নাড্ডাক নাগালেণ্ডত উষ্ম আদৰণি জনোৱা হয় ৷
নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি নাড্ডায়ে BJPৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে ৷ নিৰ্বাচনী ইস্তাহাৰত নগা ৰাইজক BJPয়ে দিলে অলেখ প্ৰতিশ্ৰুতি ৷ BJPৰ প্ৰতিশ্ৰুতি আছে — KGৰ পৰা PGলৈ সকলো ছাত্ৰীক বিনামূলীয়া শিক্ষা, মেধা কলেজীয়া ছাত্ৰীৰ বাবে বিনামূলীয়া স্কুটী, উজ্বলা হিতাধিকাৰীলৈ বছৰে দুটাকৈ চিলিণ্ডাৰ, পাঁচ বছৰত দুই লাখ লোকক আত্ম সংস্থাপন, ইষ্ট্ৰাৰ্ণ নাগালেণ্ডৰ বাবে বিশেষ পেকেজ, নাগালেণ্ড কালছাৰেল ৰিছাৰ্ছ ফাণ্ডৰ বাবে এহেজাৰ কোটি টকা, ছাৰামতি কালছাৰেল ইউনিভাৰ্চিটিৰ বাবে ৫০০ কোটি টকাৰ প্ৰতিশ্ৰুতি ৷
এইবোৰ প্ৰতিশ্ৰুতি দি জে পি নাড্ডায়ে ক'লে- “BJPয়ে নাগালেণ্ডৰ সামগ্ৰিক উন্নয়ন কৰিব আৰু এইক্ষেত্ৰত ৰাইজে BJPক সহযোগ কৰক ৷”
লগতে দিয়া হ'ল জল জীৱন মিছনৰ অধীনত ২০২৪ৰ ভিতৰত সকলো পৰিয়ালক খোৱা পানী যোগান দিয়াৰ প্ৰতিশ্ৰুতি ৷ দিয়া হ'ল বিনামূলীয়া চাউল-আটা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদানৰ প্ৰতিশ্ৰুতি ৷
ইপিনে কংগ্ৰেছৰ তৰফৰ পৰা দিয়া হৈছে নগা ৰাইজক অলেখ প্ৰতিশ্ৰুতি ৷ শিক্ষা, স্বাস্থ্য, আইন-শৃংখলা, চৰকাৰী সা-সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে ৷ BJP-NDPPয়ে চলাইছে ছচিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰৰ বাবে গীতৰ আশ্ৰয় লৈছে ৷ ইয়াৰ মাজতে পেৰেন সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে চলালে প্ৰচাৰ ।
Published by: Kokil Sarma
FIRST PUBLISHED : February 15, 2023, 18:50 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।