মুখ্যপৃষ্ঠা »খবৰ »দেশ »Nagaland Election 2023: মুখ্যমন্ত্ৰী ৰিঅ', উপ মুখ্যমন্ত্ৰী পাটেন, BJP সভাপতি টেনজেমে দাখিল কৰিলে মনোনয়ন পত্ৰ ...

Nagaland Election 2023: মুখ্যমন্ত্ৰী ৰিঅ', উপ মুখ্যমন্ত্ৰী পাটেন, BJP সভাপতি টেনজেমে দাখিল কৰিলে মনোনয়ন পত্ৰ ...

নাগালেণ্ডত এতিয়া পূৰ্ণ গতিত চলিছে নিৰ্বাচনী বতাহ ৷ নিৰ্বাচনী প্ৰচাৰ বিভিন্ন ৰূপত আৰম্ভ কৰিছে বিভিন্ন ৰাজনৈতিক দলে ৷ আৰম্ভ কৰিছে মনোনয়নপত্ৰ দাখিলৰ পৰ্ব ৷

নাগালেণ্ডত এতিয়া পূৰ্ণ গতিত চলিছে নিৰ্বাচনী বতাহ ৷ নিৰ্বাচনী প্ৰচাৰ বিভিন্ন ৰূপত আৰম্ভ কৰিছে বিভিন্ন ৰাজনৈতিক দলে ৷ আৰম্ভ কৰিছে মনোনয়নপত্ৰ দাখিলৰ পৰ্ব ৷

নাগালেণ্ডত এতিয়া পূৰ্ণ গতিত চলিছে নিৰ্বাচনী বতাহ ৷ নিৰ্বাচনী প্ৰচাৰ বিভিন্ন ৰূপত আৰম্ভ কৰিছে বিভিন্ন ৰাজনৈতিক দলে ৷ আৰম্ভ কৰিছে মনোনয়নপত্ৰ দাখিলৰ পৰ্ব ৷

  • Share this:
এটাক বাদ দি সকলো বিদ্ৰোহী সংগঠনে ভাৰত চৰকাৰৰ সৈতে যুদ্ধবিৰতিত থকা নাগালেণ্ডত এতিয়া পূৰ্ণ গতিত চলিছে নিৰ্বাচনী বতাহ ৷ নিৰ্বাচনী প্ৰচাৰ বিভিন্ন ৰূপত আৰম্ভ কৰিছে বিভিন্ন ৰাজনৈতিক দলে ৷ আৰম্ভ কৰিছে মনোনয়নপত্ৰ দাখিলৰ পৰ্ব ৷

নগা সমস্যাৰ আশু মীমাংসা নহ'ল যদিও ১৪ সংখ্যক নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ বতাহ এতিয়া তুংগত উঠিছে নগা পাহাৰত ৷ ৬০খন আসনযুক্ত নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব অহা ২৭ ফেব্ৰুৱাৰীত ৷ ইতিমধ্যে শাসকীয় NDPP আৰু BJPয়ে বিগত ২০১৮ৰ নিৰ্বাচনৰ ফৰ্মূলা মতেই আসনৰ বুজাবুজি কৰি NDPPয়ে ৪০ আৰু BJPয়ে ২০ খনত প্ৰাৰ্থীত্ব দিছে ৷ বাকী NPFয়ে এই পৰ্যন্ত দুখন তালিকা, কংগ্ৰেছে দুখন তালিকা প্ৰকাশ কৰাৰ লগতে  LJP, NCPয়ে দিছে নিজ নিজ প্ৰাৰ্থী ৷

ইয়াৰ মাজতে শাসকীয় NDPPয়ে চছিয়েল মিডিয়াত ব্যাপক হাৰত প্ৰচাৰ আৰম্ভ কৰি দিছে ৷ প্ৰচাৰ কৰিছে নিৰ্বাচনী থীম ছং ৷ BJPৰ সৈতেও NDPPয়ে সুকীয়াকৈ প্ৰচাৰ কৰিছে নিৰ্বাচনী থীম ছং ৷ সোমবাৰে মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'য়ে NDPPৰ হৈ নৰ্থান আংগামী-২ সমষ্টিৰ বাবে দাখিল কৰিলে মনোনয়নপত্ৰ ৷ উপ মুখ্যমন্ত্ৰী ৱাই পেটেনে নাগালেণ্ডৰ BJPৰ প্ৰভাৰী নলীন কোহলী আৰু কেন্দ্ৰীয় মন্ত্ৰী অৰ্জন মুণ্ডাৰ উপস্থিতিত দাখিল কৰিলে মনোনয়ন ৷ নাগালেণ্ড BJPৰ সভাপতি টেনজেম ইন্মা আলঙক সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ সময়ত এনেদৰে আদৰণি জনোৱা হয় ৷ আলংটাকি সমষ্টিৰ প্ৰাৰ্থী হিচাপে টেনজেমে দাখিল কৰে মনোনয়নপত্ৰ ৷ ইপিনে NDPPৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰি মহিলা প্ৰাৰ্থী হেকানী জাখালুয়ে ৰাইজৰ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতি দিলে ৷

NPFয়ে সকলো সমষ্টিতে দিবলৈ সক্ষম হোৱা নাই প্ৰাৰ্থিত্ব ৷ দলটোৰ বিধায়িনী দলপতি কুহজুলু নেইনুয়ে নাগালেণ্ডত ধনবলৰ ৰাজনীতি চলাৰ গুৰুতৰ অভিযোগ তুলিছে ৷ ইয়াৰ মাজতে সোমবাৰে NDPPয়ে আন এক নিৰ্বাচনী প্ৰচাৰৰ গীতো মুকলি কৰে ৷

শেহতীয়া বাতৰি