உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Nagaland Cabinet Meeting : নাগালেণ্ড কেবিনেটত AFSPA বাতিলৰ পৰামৰ্শ, বাতিল হ’ল হৰ্ণবিল ফেষ্টিভেল

    Nagaland Cabinet Meeting : নাগালেণ্ড কেবিনেটত AFSPA বাতিলৰ পৰামৰ্শ, বাতিল হ’ল হৰ্ণবিল ফেষ্টিভেল

    ঘটনাৰ তিনিদিন পিছত মঙলবাৰে নাগালেণ্ডৰ ৰাজধানী ক’হিমাত অনুষ্ঠিত কেবিনেট বৈঠকে AFSPA নামৰ ক’লা আইনখন নাগালেণ্ডৰ পৰা তাৎক্ষণিকভাৱে বাতিলৰ পৰামৰ্শ দিছে।

    • Share this:
    নাগালেণ্ড চৰকাৰে মঙলবাৰৰ কেবিনেট বৈঠকত লৈছে দুটাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নাগালেণ্ডৰ মন জিলাত অসম ৰাইফলছৰ গুলীত ১৪ গৰাকী কন্যাক সম্প্ৰদায়ৰ নিৰীহ যুৱকৰ মৃত্যুৰ পিছত এতিয়াও শোকাকুল পৰিৱেশ বিৰাজ কৰিছে পাহাৰীয়া ৰাজ্যখনত।

    ঘটনাৰ তিনিদিন পিছত মঙলবাৰে নাগালেণ্ডৰ ৰাজধানী ক’হিমাত অনুষ্ঠিত কেবিনেট বৈঠকে AFSPA নামৰ ক’লা আইনখন নাগালেণ্ডৰ পৰা তাৎক্ষণিকভাৱে বাতিলৰ পৰামৰ্শ দিছে। সমান্তৰালভাৱে বৰ্তমান সময়ত ক’হিমাৰ কিছামাৰ নাগা হেৰিটেজ ভিলেজত চলি থকা দ্বাবিংশতিতম হৰ্ণবিল ফেষ্টিভেল ২০২১ বাতিলৰ সিদ্ধান্ত লৈছে।

    মন জিলাৰ ওটিঙত নিৰীহ যুৱকৰ মৃত্যুত সমবেদনাও জ্ঞাপন কৰে মঙলবাৰৰ কেবিনেট বৈঠকে। নেফিউ ৰিঅ’ নেতৃত্বাধীন নাগালেণ্ড চৰকাৰে পাহাৰীয়া ৰাজ্যখনত শান্তি বিৰাজ কৰি থকাৰ সময়তে নিৰীহ চৈধ্যগৰাকী কন্যাক যুৱকক গুলীয়াই হত্যা কৰা কাৰ্যক গৰিহণা দিছে। এনে কাৰ্য যাতে ভৱিষ্যতে নাগালেণ্ডত পুনৰাবৃত্তি নহয় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰক কঠোৰ পদক্ষেপ ল’বলৈ দাবী জনাই নাগালেণ্ড চৰকাৰে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: