শিক্ষক পিতৃয়ে অৱসৰৰ টকাৰে উপহাৰ দিয়া বলেৰ' গাড়ীৰে ১০০টা দিন মানৱ সেৱাত উৎসৰ্গা, লকডাউনত ১৫০ ৰোগীক সহায়

News18 Assam | News18-Assam
Updated:October 16, 2020, 3:33 PM IST
শিক্ষক পিতৃয়ে অৱসৰৰ টকাৰে উপহাৰ দিয়া বলেৰ' গাড়ীৰে ১০০টা দিন মানৱ সেৱাত উৎসৰ্গা, লকডাউনত ১৫০ ৰোগীক সহায়
পিতৃয়ে উপহাৰ দিয়া বলেৰ' বাহনক এম্বুলেন্সলৈ ৰূপান্তৰ কৰি জটিল সময়ত ৰোগী তথা প্ৰসূতি মহিলাৰ বাবে জীৱনদাতা স্বৰূপ হৈ পৰিছিল হংনাও।

পিতৃয়ে উপহাৰ দিয়া বলেৰ' বাহনক এম্বুলেন্সলৈ ৰূপান্তৰ কৰি জটিল সময়ত ৰোগী তথা প্ৰসূতি মহিলাৰ বাবে জীৱনদাতা স্বৰূপ হৈ পৰিছিল হংনাও।

  • Share this:
আধুনিকতাৰ ধামখুমিয়াত গৰিষ্ঠসংখ্যক লোকেই নিজ স্বাৰ্থক প্ৰাধান্য দিয়া পৰিলক্ষিত হৈছে যদিও এই পৃথিৱীত এতিয়াও হেৰাই যোৱা নাই মানৱীয় প্ৰমুল্যবোধ বা আত্মত্যাগ। সম্প্ৰতি পৃথিৱীত এতিয়া কোভিড–১৯ মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। এই সংকটৰ সময়ছোৱাত ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ নগালেণ্ডৰ মন জিলাত এজন যুৱকে মানৱতাৰ নিদৰ্শন।

যুৱকজনৰ নাম হংনাও কন্যাক, ঘৰ মন জিলাৰ সদৰ মন টাউনত। হংনাওৰ পিতৃ হামচেন কন্যাকে শিক্ষকতা বৃত্তিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত অৱসৰৰ ধনৰ পৰা পুত্ৰক এখন বলেৰ' বাহন উপহাৰ হিচাপে দিছিল আৰু সৎ কামত ব্যৱহাৰ কৰাৰ পৰামৰ্শ আগবঢ়াইছিল।

পিতৃৰ পৰামৰ্শ মতেই পুত্ৰ হংনাওৱে কোৰোণা কালৰ লকডাউনৰ সময়ছোৱাত বিভিন্ন নগৰ, গাঁও আনকি পাহাৰীয়া দুৰ্গম অঞ্চলৰ পৰা ১৫০জন ৰোগীক নিজৰ গাড়ীৰে বিনামূলীয়াকৈ চিকিৎসালয়লৈ অনা–নিয়া কৰাৰ লগতে ৰক্তদানৰ ব্যৱস্থা কৰি দিছিল।

পিতৃয়ে উপহাৰ দিয়া বলেৰ' বাহনক এম্বুলেন্সলৈ ৰূপান্তৰ কৰি জটিল সময়ত ৰোগী তথা প্ৰসূতি মহিলাৰ বাবে জীৱনদাতা স্বৰূপ হৈ পৰিছিল হংনাও। ৩৯ বছৰীয়া হংনাওৱে ১০০ দিনৰ বাবে আগবঢ়োৱা এই বিনামূলীয়া এম্বুলেন্স সেৱাৰ পিছতে নগালেণ্ডৰ চৰকাৰে গুৰুগ্ৰামৰ এটা NGOৰ সহায়ত দুৰ্গম তথা পিছপৰা নগালেণ্ডৰ মন জিলালৈ তিনিখন এম্বুলেন্স যোগান ধৰিছে।

হংনাও কন্যাকৰ পৰিচয় কেৱল ইমানেই নহয়, তেওঁ নগা পিপলছ ফ্ৰন্টৰ এজন জিলা কাৰ্যনিৰ্বাহক সদস্য। সমাজসেৱাক প্ৰাধান্য দিয়া এইজন যুৱকে এতিয়া সামাজিক মাধ্যম তথা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ব্যাপক চৰ্চা তথা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
Published by: Sanjay Kumar Das
First published: October 16, 2020, 3:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading