• Home
  • »
  • News
  • »
  • nation
  • »
  • চৌদিশে তীব্ৰ ভৎৰ্সনা! নাগালেণ্ডত কুকুৰৰ মাংস নিষিদ্ধ কৰাক আদৰণি ভিন্ন সংগঠনৰ

চৌদিশে তীব্ৰ ভৎৰ্সনা! নাগালেণ্ডত কুকুৰৰ মাংস নিষিদ্ধ কৰাক আদৰণি ভিন্ন সংগঠনৰ

Just Be Friendly নামৰ বেচৰকাৰী প্ৰতিষ্ঠানটোৰ  কাৰ্যবাহী ন্যাসৰক্ষী শশাংক শেখৰ দত্তই শনিবাৰে News18 ৰে হোৱা টেলিফোনৰ বাৰ্তালাপত এই সিদ্ধান্তক স্বাগতম জনাইছে ।

Just Be Friendly নামৰ বেচৰকাৰী প্ৰতিষ্ঠানটোৰ  কাৰ্যবাহী ন্যাসৰক্ষী শশাংক শেখৰ দত্তই শনিবাৰে News18 ৰে হোৱা টেলিফোনৰ বাৰ্তালাপত এই সিদ্ধান্তক স্বাগতম জনাইছে ।

Just Be Friendly নামৰ বেচৰকাৰী প্ৰতিষ্ঠানটোৰ  কাৰ্যবাহী ন্যাসৰক্ষী শশাংক শেখৰ দত্তই শনিবাৰে News18 ৰে হোৱা টেলিফোনৰ বাৰ্তালাপত এই সিদ্ধান্তক স্বাগতম জনাইছে ।

  • Share this:
নাগালেণ্ডত নিষিদ্ধ হ’ল কুকুৰৰ মাংস । নাগালেণ্ডৰ চৰকাৰে জুলাইৰ ৪ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ কুকুৰ আৰু কুকুৰৰ মাংসৰ সকলোধৰণৰ বাণিজ্যিক আমদানি আৰু বিক্ৰীত প্ৰতিবন্ধকতা আৰোপ কৰিছে । যোৱা মার্চ মাহত মিজোৰামেও এই পদক্ষেপ গ্ৰহণ কৰিছিল । চুবুৰীয়া ৰাজ্য খনৰ মুখ্য সচিব টেমজেম টয়-এ জনোৱা মতে নাগালেণ্ডত কুকুৰৰ কেঁচা মাংস আৰু ৰন্ধা মাংস নিষিদ্ধ কৰা হৈছে; লগতে কোনেও কুকুৰ বা কুকুৰৰ মাংস বিক্ৰী তথা আমদানি কৰিব নোৱাৰিব । মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই এখন কেবিনেট বৈঠক অনুষ্ঠিত কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে মুখ্য সচিব গৰাকীয়ে । আজি কিছুদিন ধৰি Federation of Indian Animal Protection Organization নামৰ বেচৰকাৰী প্ৰতিষ্ঠানটোৱে এই পদক্ষেপৰ কাৰণে হেঁচা প্ৰয়োগ কৰি আহিছিল ।

প্ৰতিষ্ঠানটোৰ মূৰব্বী ভাৰদা মালহ’ট্ৰাই যোৱা জুলাই ২ তাৰিখে এক বিজ্ঞপ্তি জাৰী কৰি কয় যে “অতি সম্প্ৰতি আমাৰ হাতত পৰা কিছু চিত্ৰ আৰু তথ্যই আমাক মৰ্মাহত কৰিছিল । এই ছবি সমূহত ডিমাপুৰ animal marketত কুকুৰবোৰক বান্ধি বস্তাত ভৰাই থোৱা দেখা গৈছিল য’ত কুকুৰবোৰক তাৰ পাছত হত্যা কৰি, কাটি বিক্ৰী কৰা হয় ।"

Just Be Friendly নামৰ বেচৰকাৰী প্ৰতিষ্ঠানটোৰ  কাৰ্যবাহী ন্যাসৰক্ষী শশাংক শেখৰ দত্তই শনিবাৰে News18 ৰে হোৱা টেলিফোনৰ বাৰ্তালাপত এই সিদ্ধান্তক স্বাগতম জনাইছে । তেওঁ সমগ্ৰ প্ৰক্ৰিয়াটোৰে জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰি কয় – সিদ্ধান্তটোক আক্ষৰিক অর্থত কাৰ্যকৰী কৰিলেহে প্ৰকৃত উদ্দেশ্যত উপনীত হ’ব পৰা যাব ।

সমগ্ৰ প্ৰক্ৰিয়াটোৰে জড়িত নাম প্ৰকাশ কৰিব নিবিচাৰা এজন NGOৰ মূৰব্বীয়ে জনোৱা মতে কুকুৰৰ মাংস নিষিদ্ধকৰণৰ আহ্বান সন্নিবিষ্ট ১,২৫,০০০ খন মেইল প্ৰেৰণ কৰা হৈছিল মুখ্য সচিবলৈ । আনহাতে মনেকা গান্ধীয়েও জুলাইৰ ২ তাৰিখে মুখ্য সচিবৰে কথা পাতিছিল ।

উল্লেখযোগ্য যে অসম আৰু পশ্চিম বংগৰ পৰা কুকুৰ চোৰাং ভাৱে প্ৰেৰণ কৰাৰ বাতৰিয়ে অহৰহ সংবাদ মাধ্যমত শিৰোনাম দখল কৰে । আন গৰাকী পশু সুৰক্ষা কর্মীয়ে জনোৱা মতে অসমৰ পৰা ৫০ টকা মূল্যত কুকুৰবোৰ ধৰি লৈ গৈ নাগালেণ্ডৰ পাইকাৰী বজাৰত ১০০০ টকা মূল্যত বিক্রী কৰা হয় আৰু পাছত প্ৰতি কিলোত ২০০ টকাকৈ কুকুৰৰ মাংস বিক্ৰী কৰা হয় ।
First published: