বহুচৰ্চিত নিৰ্বাচন বৰ্জন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুৰোধত Eastern Naga Peoples Organization, চমুকৈ ENPOয়ে প্ৰত্যাহাৰ কৰাৰ পিছত এতিয়া নিৰ্বাচনৰ বাবে সাজু নাগালেণ্ডৰ সকলো ৰাজনৈতিক দল। ঘোষণা কৰিছে এটাৰ পিছত আনটো দলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ তালিকা ৷ মুকলি কৰিছে নিৰ্বাচনী ইস্তাহাৰ আৰু থীম ছং৷
প্ৰত্যাহ্বান আৰু নাই নাগালেণ্ডত ৷ ENPOয়ে প্ৰত্যাহাৰ কৰিলে বৰ্জন কাৰ্যসূচী ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিশেষ অনুৰোধত অৱশেষত Eastern Naga Peoples Organization, চমুকৈ ENPOয়ে প্ৰত্যাহাৰ কৰিলে নিৰ্বাচন বৰ্জনৰ কাৰ্যসূচী। সুকীয়া Eastern Nagaland গঠন নোহোৱা পৰ্যন্ত নিৰ্বাচনত সহযোগিতা নকৰাৰ সিদ্ধান্ত লৈছিল ENPOয়ে ৷ শেষত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে লোৱা উদ্যোগত খাম কাটিল জটিলতাৰ ৷
ইয়াৰ মাজতে শাসকীয় NDPP (Nationalist Democratic Progressive Party) আৰু BJPয়ে ঘোষণা কৰিছে ৪০ আৰু ২০ টা সমষ্টিত নিজ নিজ দলীয় প্ৰাৰ্থীৰ তালিকা ৷ দেওবাৰে নাগালেণ্ডৰ শাসকীয় NDPP আৰু BJPয়ে মুকলি কৰিলে যৌথভাৱে নিৰ্বাচনী থীম ছং ৷ এই থীম ছঙেৰে ৰাইজৰ কাষলৈ ভোট বিচাৰি যাব বিচাৰিছে NDPP আৰু BJPয়ে ৷ নেফিঅ' ৰিঅ'ৰ NDPPয়ে সুকীয়াকৈও আন এক থীম ছং মুকলি কৰিছে ৷
NDPP-BJPৰ থীম ছং
NDPPৰ নিজা থীম ছং
ইপিনে NPFৰ তৰফৰ পৰা শুকুৰবাৰে প্ৰথমখন তালিকা প্ৰকাশ কৰি ১৬টা সমষ্টিত দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল ৷ আজি দ্বিতীয়খন তালিকা ঘোষণা কৰিব NPFয়ে ৷ ইয়াৰ লগতে কংগ্ৰেছে ঘোষণা কৰিছে ২১টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ৷ LJPয়েও এইবাৰ প্ৰতিদ্বন্দ্ব্বিতা কৰিব নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনত ৷ দলটোৱে প্ৰকাশ কৰিছে ২০ জনীয়া প্ৰাৰ্থীৰ তালিকা৷
ইতিমধ্যে নাগালেণ্ডত NDPPৰ সৈতে BJPৰ চৰকাৰ পুনৰ গঠনৰ বাবে সকলো ৰণকৌশল ৰচনা কৰিছে NEDAৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাই ৷
Published by: Gautam Barman
FIRST PUBLISHED : February 05, 2023, 23:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|