মুখ্যপৃষ্ঠা »খবৰ »দেশ »Nagaland Assembly Election Result: NSCN(IM)ৰ কঠোৰ আহ্বানৰ পাছতো আলংটাকী সমষ্টিবাসী ৰাইজে জয়যুক্ত কৰালে টেমজেন ইমনা আলঙক

Nagaland Assembly Election Result: NSCN(IM)ৰ কঠোৰ আহ্বানৰ পাছতো আলংটাকী সমষ্টিবাসী ৰাইজে জয়যুক্ত কৰালে টেমজেন ইমনা আলঙক

এনডিপিপি-বিজেপি মিত্ৰজোঁটে উত্তৰ-পূবৰ ৰাজ্যখনৰ একমাত্ৰ প্ৰাক-নিৰ্বাচনী আৰু ৬০ জনীয়া সদনৰ বাবে ৪০: ২০ আসন ভাগ-বতৰাৰ ভিত্তিত এইবাৰৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল।

  • Share this:
নাগালেণ্ডৰ আলংটাকী সমষ্টিৰ পৰা টেমজেন ইমনা আলঙে জয়লাভ কৰিছে। ৰাজ্যখনৰ নিৰ্বাচনৰ ভোটগণনা আজি পুৱা ৮ বজাত আৰম্ভ হয়। উল্লেখ্য যে, ৰাজ্যখনৰ ৬০ খন বিধানসভা আসনৰ বাবে বিখত ২৭ ফেব্ৰুৱাৰীত হোৱা ভোটদানত মুঠ ৮৩.৬৩ শতাংশ ভোটাৰে ভোট প্ৰদান কৰিছিল। এনডিপিপি-বিজেপি মিত্ৰজোঁটে উত্তৰ-পূবৰ ৰাজ্যখনৰ একমাত্ৰ প্ৰাক-নিৰ্বাচনী আৰু ৬০ জনীয়া সদনৰ বাবে ৪০: ২০ আসন ভাগ-বতৰাৰ ভিত্তিত এইবাৰৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল।

উল্লেখ্য যে, টেমজেন ইমনা আলঙক নিৰ্বাচনত ভোট নিদিবলৈ আলংটাকি সমষ্টিৰ ৰাইজক NSCN(IM)–এ নিৰ্দেশ দিছিল। সামাজিক মাধ্যমত বিভিন্ন পোষ্টেৰে সকলোকে আকৰ্ষিত কৰা বিজেপি নেতা টেমজেন ইমনা আলঙলৈ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁৰ এটা কথাক লৈ NSCN(IM) ক্ষুব্ধ হৈছিল। দৰাচলতে, টেমজেনে নগা লোকক ভাৰতীয় বুলি দাবী কৰিছিল যাৰ বাবে NSCN(IM)এ এই নিৰ্দেশ দিছিল। ইয়াৰোপৰি, টেনজেমৰ পক্ষত ভোট দিয়া ব্যক্তিক NSCNৰ সংবিধান মতে শাস্তি দিয়া হ'ব বুলিও কোৱা হৈছে।

মন কৰিবলগীয়া যে, আলংটাকি সমষ্টিবাসীয়ে আলঙৰ পক্ষত ভোট দিলে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি কোৱাৰ পিছতো জনসাধাৰণে টেমজেনক নিৰ্বাচনত বিপুল সঁহাৰি আগবঢ়ালে। নাগালেণ্ডৰ বিজেপি সভাপতি টেমজেন ইমনা আলঙে জয় লাভ কৰাৰ পিছত NSCN(IM)ৰ স্থিতি কি হ’ব সেয়া লক্ষণীয় হ’ব।

শেহতীয়া বাতৰি