২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে শাসকীয় NDPP আৰু BJPয়ে পৃথকে পৃথকে তালিকা ঘোষণা কৰিলে ৷ ইতিমধ্যে দুয়োটা দলৰ মাজত হোৱা আসন বুজাবুজিৰ ভিত্তিত BJPয়ে ২০ খন আৰু NDPPয়ে ৪০ খন আসনৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে ৷
নিৰ্বাচনলৈ সম্পূৰ্ণভাৱে সাজু শাসকীয় দল নেফিঅ ৰিঅ'ৰ NDPP আৰু BJP ৷ ইতিমধ্যে দুয়োটা দলৰ মাজত ৬০ খন আসনৰ বুজাবুজি ৪০ আৰু ২০ত হৈ গৈছে ৷ ৬০ আসনযুক্ত নাগালেণ্ড বিধানসভাৰ ২০খনত BJPয়ে আৰু ৪০ খনত NDPPয়ে প্ৰতিদ্বন্দ্বিতা কৰিব ৷ এই হিচাপত আজি নতুন দিল্লীত এক সংবাদমেল আয়োজন কৰি BJPয়ে ঘোষণা কৰিলে ২০জনীয়া তালিকা ৷
নাগালেণ্ড BJPৰ সভাপতি টেমজেম ইম্না আলঙে আলংটাকি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৷ একেদৰে উপ মুখ্যমন্ত্ৰী ৱাই পেটনে প্ৰতিদ্বন্দ্বিতা কৰিব টুয়ী সমষ্টিৰ পৰা । দিল্লীত BJPয়ে ২০ জনীয়া তালিকা প্ৰকাশ কৰাৰ পিছতে কহিমাত NDPPয়ে ঘোষণা কৰিলে ৪০ জনীয়া তালিকা ৷ মুখ্যমন্ত্ৰী নেফিঅ ৰিঅ'য়ে পেৰেন সমষ্টিৰ পৰা কৰিব প্ৰতিদন্দ্বিতা ৷ ইপিনে টি আৰ জেলিয়াঙৰ NPFয়েও আজিয়েই ঘোষণা কৰিব প্ৰাৰ্থীৰ তালিকা ।
Published by: Kokil Sarma
FIRST PUBLISHED : February 02, 2023, 17:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|