• Home
  • »
  • News
  • »
  • nation
  • »
  • Nagaland Deaths: নাগালেণ্ডৰ হত্যালীলাৰ পিছত AFSPA প্ৰত্যাহাৰৰ দাবী নাগালেণ্ডৰ আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ 

Nagaland Deaths: নাগালেণ্ডৰ হত্যালীলাৰ পিছত AFSPA প্ৰত্যাহাৰৰ দাবী নাগালেণ্ডৰ আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ 

যোৱা জুন মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এখন ৰাজপত্ৰিত জাননীৰ যোগেদি নাগালেণ্ডত এই আইন পুনৰ প্ৰণয়ন কৰিছিল।

যোৱা জুন মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এখন ৰাজপত্ৰিত জাননীৰ যোগেদি নাগালেণ্ডত এই আইন পুনৰ প্ৰণয়ন কৰিছিল।

যোৱা জুন মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এখন ৰাজপত্ৰিত জাননীৰ যোগেদি নাগালেণ্ডত এই আইন পুনৰ প্ৰণয়ন কৰিছিল।

  • Share this:
নাগালেণ্ডৰ মন জিলাত অৰ্ধ সামৰিক বাহিনীৰ গুলীত অতি কমেও ১৪ জন নিৰীহ  গঞা নিহত হোৱাৰ পিছত এতিয়া সৰ্বত্ৰ দাবী উত্থাপন হৈছে কঠোৰ Armed Forces Special Power Act 1958 চমুকৈ AFSPA উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰত্যাহাৰৰ কৰাৰ। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই AFSPA বাতিলৰ দাবী কৰি চর্চালৈ আহিছে। মেঘালয়ত শাসনত থকা চাংমাৰ NPP কেন্দ্রত শাসনত থকা বিজেপি নেতৃত্বাধীন NDAৰ অংশীদাৰ । চাংমাই টুইট কৰি কয় – AFSPA বাতিল কৰিব লাগে ।

১৯৫৮ চনতে পণ্ডিত জৱাহৰলাল নেহেৰু প্ৰধানমন্ত্ৰী হৈ থাকোঁতে অশান্ত অঞ্চল বুলি কেন্দ্ৰই চিহ্নিত কৰা অঞ্চল সমূহত সেনা বাহিনীক বিশেষ অধিকাৰ প্ৰদান কৰা হৈছিল। এই আইনৰ যোগেদি আইন ভংগ কৰা বুলি পতিয়ন যোৱা লোকক গুলীয়াই দিয়া পর্যন্ত ক্ষমতা সেনা বাহিনীক প্ৰদান কৰা হৈছে। AFSPAই সেনা আৰু অৰ্ধসামৰিক বাহিনীক Warrant অবিহনে সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰাৰো অধিকাৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে, মেঘালয় কংগ্ৰেছেও মুখ্যমন্ত্ৰীৰ দাবীত সহাঁৰি জনাইছে। কংগ্ৰেছ বিধায়ক Ampareen Lyndohই মুখ্যমন্ত্ৰীৰ টুইটৰ প্ৰত্যুত্তৰ দি কয় – “আমি সকলোৱে একে স্বৰে এই কঠোৰ আইনখন বাতিলৰ দাবী উত্থাপন কৰিব লাগে ।“ তেওঁ এই সন্দৰ্ভত শীঘ্ৰে এখন বৈঠক অনুষ্ঠিত কৰিবলৈও আহ্বান জনায়। আনহাতে খাচী ছাত্ৰ ইউনিয়নেও এই আইন বাতিল কৰিবলৈ দাবী উত্থাপন কৰে।  মেঘালয়ৰ ছাত্ৰ সংগঠনটোৱে AFSPA কেৱল বাতিল কৰাই নহয়; সমান্তৰালকৈ উত্তৰ পূৱৰ খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ এখন বিশেষ আইনৰ পোষকতা কৰে।

ইফালে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ই এই আইনখনে ভাৰতৰ ভাৱমূৰ্তিত কালিমা সানিছে বুলি মন্তব্য কৰি শীঘ্ৰে বাতিল কৰাৰ দাবী উত্থাপন কৰে। তেওঁ কয় – এই সন্দৰ্ভত তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে কথা পাতিছে। এই আইনখন নাগালেণ্ড, অসম, মণিপুৰ (ইম্ফল পৌৰ নিগমৰ অঞ্চল সমূহৰ বাদে), অৰুণাচলৰ তিনিখন জিলা আৰু অসম-অৰুণাচল সীমান্তৰ ৮খন আৰক্ষী থানাৰ পৰিক্ষেত্ৰত প্ৰযোজ্য।

উল্লেখযোগ্য যে, ২০০০ চনৰ ২ নৱেম্বৰ তাৰিখে ইম্ফল উপত্যকাৰ মালোমত আছাম ৰাইফলচৰ জোৱানে বাছ আস্থানত  অপেক্ষাৰত ১০জন লোকক গুলীয়াই হত্যা কৰাৰ পিছত ইৰম শৰ্মিলা চানু AFSPA বাতিলৰ দাবীত আমৰণ অনশনত বহিছিল। এই ভোক হৰতাল তেওঁ চলাই নিছিল ২০১৬চন পর্যন্ত ১৬টা বছৰ। ৫০০ সপ্তাহ একেৰাহে খাদ্য আৰু পানী গ্ৰহণ নকৰাত তেওঁক বলপূৰ্বক নাকৰে খাদ্য প্ৰদান কৰা হৈছিল (Nasal Feed) ।  তেওঁৰ এই অনশন বিশ্বৰ সৰ্ববৃহৎ আমৰণ অনশন।

অন্যহাতেদি ২০০৪ চনত মণিপুৰৰ ইম্ফলৰ আছাম ৰাইফলচৰ কাৰ্যলয়ৰ সন্মুখত ১২গৰাকী মণিপুৰৰ মাতৃয়ে উলংগ প্ৰতিবাদ সব্যস্ত কৰিছিল। নিৰাপত্তা বাহিনীৰ হাতত এগৰাকী ৩২ বছৰীয়া মহিলাক ধৰ্ষণ কৰি হত্যা কৰাৰ পিছত ১২গৰাকী মহিলাই এই বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল ।

ইয়াৰ পিছতো কিন্তু বাতিল হোৱা নাই নেহেৰুৱে নগা পাহাৰৰ বিদ্ৰোহ দমন কৰিবলৈ প্ৰণয়ন কৰা এই আইন। যোৱা জুন মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এখন ৰাজপত্ৰিত জাননীৰ যোগেদি নাগালেণ্ডত এই আইন পুনৰ প্ৰণয়ন কৰিছিল।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি