ঘটনাটো আৰম্ভ হৈছিল নাগালেণ্ডৰ এগৰাকী মহিলাৰ আত্মহত্যাৰ পিছৰ পৰা। যোধপুৰত অকলে বাস কৰা নগা মহিলাগৰাকীয়ে ২৩ মে'ত আত্মহত্যা কৰাৰ পিছতে এটা নিষ্ঠুৰ অত্যাচাৰৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল, য'ত ব্যাখ্যা কৰা হৈছিল যে এই ভিডিঅ' যোধপুৰত আত্মহত্যা কৰা নগা মহিলাগৰাকীৰ। ইয়াৰ পিছতে নাগালেণ্ডত তুমুল চাঞ্চল্যৰ সৃষ্টি হয় আৰু উত্তৰ–পূব ভাৰতৰ ৰাজনৈতিক হেঁচাত ভিডিঅ'টোৰ অনুসন্ধানত নামি পৰে আৰক্ষী। ভিডিঅ'টো ভালদৰে পৰীক্ষা কৰাৰ অন্তত এয়া নগা মহিলা নহয় বুলি প্ৰমাণ হয়। কিন্তু ভাইৰেল ভিডিঅ'টো ইমানেই অমানৱীয় আৰু নিষ্ঠুৰ আছিল যে আৰক্ষীয়ে ইয়াৰ তদন্ত নকৰাকৈ থকাটো অসম্ভৱ আছিল।
অসম পুলিচে প্ৰাথমিক তদন্তত এয়া অসমৰ ঘটনা আৰু জড়িত যুৱকসকল অসমৰ বুলি সন্দেহ কৰি এক জাননী জাৰি কৰে বুধবাৰে। কিন্তু কালি আবেলিৰ ভাগত বাংলাদেশতো ভাইৰেল হোৱা ভিডিঅ'টোৰ এগৰাকী লোক বাংলাদেশৰ বুলি চিনাক্ত হয় আৰু লোকগৰাকীৰ অনুসন্ধান কৰি ঘটনাটো বাংগালুৰুত সংঘটিত হোৱা বুলি জানিব পৰা যায়। ইয়াৰ পিছতে বাংগালুৰু আৰক্ষীয়ে ৰাজ্যখনৰ ৰামামুৰ্থী নগৰৰ এন আৰ আই কলনীৰ পৰা গ্ৰেপ্তাৰ কৰে আটাইকেইগৰাকী লোকক। কিন্তু গ্ৰেপ্তাৰৰ পিছতে হতচকিত হয় আৰক্ষী। কিয়নো আটাইকেইগৰাকী দুৰ্বৃত্তই আছিল বাংলাদেশী অনুপ্ৰৱেশকাৰী। আৰক্ষীয়ে ইতিমধ্যে ঘোষণা কৰে তেওঁলোকৰ নাম। ইয়াৰে ভিতৰত সাগৰ (২৩), মহম্মদ বাবু চাহিক (৩০), ৰিডই বাবু (২৫)ই বাস কৰে বাংগালুৰুত আৰু হাকিল (২৩) নামৰ দুৰ্বৃত্তগৰাকীয়ে বাস কৰে হায়দৰাবাদত। চাৰি দুৰ্বৃত্তৰ লগৰীয়া যুৱতীগৰাকীৰ নাম আৰক্ষীয়ে ফাদিল কৰা নাই।
বাংগালুৰু আৰক্ষীয়ে এই সম্পৰ্কে কয়– 'ঘটনাটো যোৱা সপ্তাহৰ। অত্যাচাৰৰ বলি যুৱতীগৰাকী মানৱ সৰবৰাহৰ ভুক্তভোগী বুলি সন্দেহ কৰা হৈছে। অত্যাচাৰৰ ভিডিঅ'টো তেওঁলোকে নিজেই ৰেকৰ্ড কৰিছিল আৰু পিছত ইয়াক অনলাইনত শ্বেয়াৰ কৰিছিল।' আনহাতে ঘটনাটো সংঘটিত হোৱাৰ পিছত ভুক্তভোগী যুৱতীগৰাকী চুবুৰীয়া ৰাজ্যলৈ পলাই যায় আৰু তেওঁক চহৰলৈ অনাৰ বাবে আৰক্ষীৰ এটা দলে অভিযান আৰম্ভ কৰিছে। আৰক্ষীয়ে পাঁচোজন অভিযুক্তৰ বিৰুদ্ধে ধৰ্ষণ আৰু আক্ৰমণৰ গোচৰ ৰুজু কৰিছে।
আজি আৰক্ষীয়ে অপৰাধস্থল পৰিদৰ্শন কৰিবলৈ নিয়াৰ সময়ত দুগৰাকী অপৰাধীয়ে পলাবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীৰ গুলীচালনা কৰে আৰু দুয়োগৰাকী অপৰাধী আহত হয়। আনহাতে আৰক্ষীৰ অনুসন্ধানত জানিব পৰা মতে, এই দলটোৱে মহিলাগৰাকীক বাংগালুৰুলৈ সৰবৰাহ কৰিছিল। মহিলাগৰাকী প্ৰথমতে মুক্ত হৈ কেৰালালৈ পলাই গৈছিল যদিও দলটোৱে বলপূৰ্বক বাংগালুৰুলৈ ঘূৰাই আনিছিল। উল্লেখ্য, এই সমগ্ৰ ঘটনালানিত বিজেপি নেতা তথা ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নাগালেণ্ডৰ মহিলাগৰাকীৰ আত্মহত্যাৰ পৰা ভাইৰেল ভিডিঅ'লৈকে তেওঁ সঠিক তদন্তৰ বাবে টুইট কৰি থকা দেখা গৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|