• Home
  • »
  • News
  • »
  • nation
  • »
  • Naga Peace Talks: লাগে সুকীয়া পতাকা আৰু সংবিধান! দিল্লীত মুইভাৰ নেতৃত্বত NSCN(IM)ৰ লগতে NNPGsৰ দল

Naga Peace Talks: লাগে সুকীয়া পতাকা আৰু সংবিধান! দিল্লীত মুইভাৰ নেতৃত্বত NSCN(IM)ৰ লগতে NNPGsৰ দল

সোমবাৰৰ পৰা আৰম্ভ হ'ব মধ্যস্থতাকাৰী মিশ্ৰৰে আলোচনা

সোমবাৰৰ পৰা আৰম্ভ হ'ব মধ্যস্থতাকাৰী মিশ্ৰৰে আলোচনা

সোমবাৰৰ পৰা আৰম্ভ হ'ব মধ্যস্থতাকাৰী মিশ্ৰৰে আলোচনা

  • Share this:

ডেৰ বছৰৰ অন্তত নতুন দিল্লীত পুনৰ আৰম্ভ হ'ব থুইংগালেং মুইভা নেতৃত্বাধীন NSCN(IM)ৰ সৈতে ভাৰত চৰকাৰৰ আনুষ্ঠানিক আলোচনা৷ বিগত ২০ ছেপ্টেম্বৰত ডিমাপুৰৰ ছুমুকেডিমাৰ আৰক্ষী ছাউনীত ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী তথা ইণ্টেলিজেঞ্চ ব্যুৰ'ৰ অৱসৰপ্ৰাপ্ত বিশেষ সঞ্চালক অক্ষয় কুমাৰ মিশ্ৰৰ সৈতে NSCN(IM) নেতৃত্বৰ এক বৈঠক অনুষ্ঠিত হৈ যায় ৷ সেই বৈঠকতে পৰৱৰ্তী আলোচনা নতুন দিল্লীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত হয় আৰু সেই হিচাপতে NSCN(IM)ৰ নেতৃত্বক নতুন দিল্লীলৈ আমন্ত্ৰণ জনালে মধ্যস্থতাকাৰী মিশ্ৰই ৷


থুইংগালেং মুইভাৰ নেতৃত্বত নতুন দিল্লীত উপস্থিত হোৱা দলটোত আছে NSCN(IM) অধ্যক্ষ কিউ টুছু, উপাধ্যক্ষ টংমেথ ৱাংনাও, কলেক্টিভ লিডাৰশ্বীপ ভি এছ আটেম, আৰ এইছ ৰাইজিঙকে প্ৰমুখ্যে কৰি প্ৰায় কুৰিজনীয়া দল ৷


NSCN(IM)ৰ নেতৃত্বৰ লগতে নতুন দিল্লীত পৰৱৰ্তী আলোচনাৰ বাবে বাহৰ পাতিছেগৈ সাতটা বিদ্ৰোহী সংগঠনৰ উমৈহতীয়া গোট NNPGsৰ সম্বন্বয়ৰক্ষী কমিটি  ৷ NNPGsৰ সৈতে ২০১৭ত ভাৰত চৰকাৰৰ তদানীন্তন মধ্যস্থতাকাৰী ৰবীন্দ্ৰ নাৰায়ণ ৰবিয়ে স্বাক্ষৰ কৰিছিল এগ্ৰীড পইণ্ট শীৰ্ষক এক চুক্তিৰ ৷ ইয়াৰ বিপৰীতে NSCN(IM)ৰ সৈতে ২০১৫ৰ তিনি আগষ্টত স্বাক্ষৰ কৰিছিল ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ ৷


ভাৰত চৰকাৰৰ হৈ মধ্যস্থতাকাৰী ৰবিয়ে ২০২০ৰ জানুৱাৰীত NSCN(IM)ক চুক্তিত স্বাক্ষৰ কৰিবলৈ হেঁচা দিছিল ৷ কিন্তু NSCN(IM)য়ে পৃথক পতাকা আৰু পৃথক সংবিধান অবিহনে কোনো কাৰণতে ভাৰত চৰকাৰৰ সৈতে চূড়ান্ত চুক্তিত স্বাক্ষৰ কৰিবলৈ অমান্তি হয় ৷ ফলত মধ্যস্থতাকাৰী ৰবিৰ সৈতে বৃদ্ধি পোৱা মতানৈক্যৰ বাবে ২০২০ৰ পৰা মধ্যস্থতাকাৰী ৰবিৰ সৈতে আলোচনাত বহিবলৈ অমান্তি হয় NSCN(IM) ৷


সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া আনুষ্ঠানিক বৈঠকত NSCN(IM)য়ে পুনৰ পৃথক পতাকা আৰু পৃথক সংবিধানক লৈ মধ্যস্থতাকাৰী মিশ্ৰৰ সৈতে আলোচনাত মিলিত হ'ব ৷

Published by:Gautam Barman
First published: