অক্টোবৰৰ ভিতৰত নগা শান্তি চুক্তি স্বাক্ষৰ কৰক, নগা ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদী সভাত সন্মিলিত হুংকাৰ শিখ আৰু তামিল সংগঠনৰ

অক্টোবৰৰ ভিতৰত নগা শান্তি চুক্তি বাস্তৱ নহ’লে die with dignity ৰ পথ লোৱাৰ ঘোষণা নগাসকলৰ।

News18-Assam
Updated:September 25, 2019, 5:58 PM IST
অক্টোবৰৰ ভিতৰত নগা শান্তি চুক্তি স্বাক্ষৰ কৰক, নগা ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদী সভাত সন্মিলিত হুংকাৰ শিখ আৰু তামিল সংগঠনৰ
অক্টোবৰৰ ভিতৰত নগা শান্তি চুক্তি বাস্তৱ নহ’লে die with dignity ৰ পথ লোৱাৰ ঘোষণা নগাসকলৰ।
News18-Assam
Updated: September 25, 2019, 5:58 PM IST
পাৰ্থ জ্যোতি বৰা, নতুন দিল্লী: দিল্লীৰ যন্তৰ মন্তৰত নগা ছাত্ৰ ফেডাৰেচনৰ বেনাৰত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত ভালে কেইটা নগা সংগঠনে স্পষ্ট কৰিলে নিজৰ স্থিতি । কেন্দ্ৰীয় চৰকাৰক প্ৰতিবাদকাৰীয়ে বান্ধি দিলে এমাহৰ সময়সীমা । অক্টোবৰৰ ভিতৰত শান্তি চুক্তি স্বাক্ষৰ নহলে নগা সকলে মৃত্যুক সাৱটি লবলৈ কুণ্ঠাবোধ নকৰিব বুলিও হুংকাৰ দিলে প্ৰতিবাদকাৰীয়ে ।

উল্লেখযোগ্য আজিৰ প্ৰতিবাদী সভাত নগা সংগঠন সুমহক সমৰ্থন জনায় বহু কেইটা শিখ আৰু তামিল সংগঠনে । শিখ প্ৰতিনিধি গৰাকীয়ে শিখ সকলৰ আত্ম নিয়ন্ত্ৰণৰ কথা দোহাৰি স্বাধীন নাগালেণ্ডক সমৰ্থন জনাই । তামিল প্ৰতিনিধি গৰাকীয়ে পৃথক নগা ভূমিৰ পোষকতা কৰে ।

আজিৰ সভাত নগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিও কঠোৰ সমালোচনাৰ সন্মুখীন হল । নগা সকলক ভাৰত যুক্তৰাজ্যত যোগদানৰ আহ্বান জনাই ৰবিয়ে নগা জাতিক অপমান কৰিছে বুলি ভাষণত মন্তব্য কৰে নগা নেতাই ।

এই সভাত আত্ম নিয়ন্ত্ৰণৰ কাৰণে আন্দোলন কৰি থকা কাশ্মীৰী সকলকো পূৰ্ণ সমৰ্থন জনায় প্ৰতিবাদকাৰী নেতাই ।

আজি মণ্ডি হাউচৰ পৰা যন্তৰ মন্তৰলৈ নগা ছাত্ৰ ফেডাৰেচনৰ বেনাৰত নগা সকলে প্ৰতিবাদী সমদল বাহিৰ কৰিছিল ।

আনহাতে memorandumত inclusive, acceptable আৰু honourable সমাধানৰ পোষকতা কৰে নগা ছাত্ৰ ফেডাৰেচনে ।
আৰু চাওক পৰৱৰ্তী বাতৰি