নগা পতাকা উত্তোলনেৰে নগাই পালিলে ৭৩সংখ্যক ‘নগা স্বাধীনতা’ দিৱস

এইবাৰ ‘নগা স্বাধীনতা’ দিৱস পালনৰ সময়ত নগা ছাত্ৰ সংগঠন নাগা ষ্টুডেণ্ট ফেডাৰেছন (NSF)–এ সকলোকে নিজ নিজ অঞ্চলত নগা পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছিল৷

News18-Assam
Updated:August 14, 2019, 1:17 PM IST
নগা পতাকা উত্তোলনেৰে নগাই পালিলে ৭৩সংখ্যক ‘নগা স্বাধীনতা’ দিৱস
এইবাৰ ‘নগা স্বাধীনতা’ দিৱস পালনৰ সময়ত নগা ছাত্ৰ সংগঠন নাগা ষ্টুডেণ্ট ফেডাৰেছন (NSF)–এ সকলোকে নিজ নিজ অঞ্চলত নগা পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছিল৷
News18-Assam
Updated: August 14, 2019, 1:17 PM IST
বিজু কুমাৰ ডেকা : প্ৰতিবছৰৰ দৰেই এইবাৰো নাগালেণ্ডত ‘নগা পতাকা’ উৰুৱাই নগা ৰাইজে পালন কৰিলে ‘নগা স্বাধীনতা’ দিৱস৷ ৭৩সংখ্যক নগা স্বাধীনতা দিৱসৰ দিনটোত বিদ্ৰোহী সংগঠন NSCN(IM), NSCN(K), NSCN(R), NNC আদিয়ে নিজ নিজ কাৰ্যালয়ত আয়োজন কৰে বিশেষ অনুষ্ঠানৰ৷ এইক্ষেত্ৰত NSCN(IM)-এ কেম্প হেব্ৰনত সংগঠনৰ অধ্যক্ষই নগা পতাকা উত্তোলন কৰে আৰু নগা শান্তি আলোচনাই চূড়ান্ত পৰ্যায়ত উপনীত হোৱা বুলি সদৰি কৰে৷ লগতে ছাত্ৰ সংগঠন NSF, মহিলা সংগঠন NMA আৰু অন্যান্য দল-সংগঠনে পালন কৰে নগা স্বাধীনতা দিৱস৷

এইবাৰ ‘নগা স্বাধীনতা’ দিৱস পালনৰ সময়ত নগা ছাত্ৰ সংগঠন নাগা ষ্টুডেণ্ট ফেডাৰেছন (NSF)–এ সকলোকে নিজ নিজ অঞ্চলত নগা পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছিল৷ যাৰ পৰিপ্ৰেক্ষিতত নাগালেণ্ড চৰকাৰ বিমোৰত পৰিছিল৷



নগা স্বাধীনতা দিৱস পালনৰ সময়ত ‘নগা পতাকা’ উত্তোলনৰ বিষয়টোৱে শ'লঠেকত পেলাইছিল নাগালেণ্ড চৰকাৰক৷ কিয়নো সকলো কাৰ্যালয়ত ‘নগা পতাকা’ উত্তোলন কৰিবলৈ গ'লে আইন-শৃংখলাজনিত পৰিৱেশৰ সূচনা হ'ব বুলি আশংকা কৰিছিল নাগালেণ্ড চৰকাৰে৷ অৱশ্যে এইপৰ্যন্ত কোনো ধৰণৰ অপ্ৰত্যাশিত ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা হোৱা নাই৷ এইক্ষেত্ৰত সমগ্ৰ নাগালেণ্ডত সষ্টম হৈ আছে সেনা, অৰ্ধসামৰিক বাহিনীসমূহ৷



উল্লেখযোগ্য যে সমগ্ৰ নগা অধ্যুষিত অঞ্চলতেই নগা দল-সংগঠনে আজি পালন কৰে ৭৩ সংখ্যক “নগা স্বাধীনতা” দিৱস ৷
আৰু চাওক পৰৱৰ্তী বাতৰি