ভাইৰেল ফটোৰ সত্য : বানত ডুবা নাছিল, মাতৃয়ে পানীত দলিয়াইছিল কণমানি শিশুটিক

News18-Assam
Updated:July 18, 2019, 7:12 PM IST
ভাইৰেল ফটোৰ সত্য : বানত ডুবা নাছিল, মাতৃয়ে পানীত দলিয়াইছিল কণমানি শিশুটিক
দুদিন পূৰ্বে মুজাফ্ফৰপুৰৰ ৰাণীখৈৰা পঞ্চায়তৰ শীতলপট্টী গাঁৱত এটা পৰিয়ালৰে তিনিটা শিশু বানত ডুবি মৃত্যু হৈছিল। মৃত শিশুকেইটাৰ ভিতৰত আছিল ফটোত থকা তিনিমহীয়া শিশু অৰ্জুন।

দুদিন পূৰ্বে মুজাফ্ফৰপুৰৰ ৰাণীখৈৰা পঞ্চায়তৰ শীতলপট্টী গাঁৱত এটা পৰিয়ালৰে তিনিটা শিশু বানত ডুবি মৃত্যু হৈছিল। মৃত শিশুকেইটাৰ ভিতৰত আছিল ফটোত থকা তিনিমহীয়া শিশু অৰ্জুন।

  • Share this:
ছচিয়েল মিডিয়াত ভাইৰেল হোৱা বিহাৰৰ তিনিমহীয়া মৃত শিশুটি সন্দৰ্ভত পোহৰলৈ আহিছে নতুন তথ্য। মুজাফ্ফৰপুৰৰ জিলা দণ্ডাধীশে কয় যে মৃত শিশুটিৰ বানত ডুবি মৃত্যু হোৱা নাছিল, নিজ মাতৃয়ে পানীলৈ দলিয়াইছিল শিশুটিক। তাৰ পিছত নিজেই পানীত জঁপিয়াইছিল। ইফালে, এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গাঁৱৰ একাংশ লোকক সোধা–পোছা কৰাৰ পিছত মাতৃ ৰীণা দেৱীক আটক কৰে। ৰীণা দেৱীৰ স্বামী শত্ৰুঘ্ন ৰামকো সোধা–পোছা কৰিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে ছচিয়েল মিডিয়াত এটি কণমানি মৃত শিশুৰ ফটো ভাইৰেল হৈ পৰিছিল। ছচিয়েল মিডিয়াত হৃদয়বিদাৰক এই ফটোখনত থকা শিশুটি বানত ডুবি মৃত্যু হোৱা বুলি কোৱা হৈছিল। কিন্তু NEWS18ৰ অনুসন্ধানত ফটোখনৰ প্ৰকৃত সত্য পোহৰলৈ আহিছে।

দুদিন পূৰ্বে মুজাফ্ফৰপুৰৰ ৰাণীখৈৰা পঞ্চায়তৰ শীতলপট্টী গাঁৱত এটা পৰিয়ালৰে তিনিটা শিশু বানত ডুবি মৃত্যু হৈছিল। মৃত শিশুকেইটাৰ ভিতৰত আছিল ফটোত থকা তিনিমহীয়া শিশু অৰ্জুন।

ইফালে, শিশুটিৰ মাতৃয়ে কয় যে বাগমতী নদীৰ পাৰত কাপোৰ আৰু গা ধুবলৈ গৈছিল। ৰীণা দেৱীৰ সৈতে গৈছিল তেওঁৰ চাৰিটি শিশুও। নদীৰ পাৰতে খেলি আছিল শিশুকেইটাই। সেই সময়তে এটা শিশু পানীত পিছলি পৰে। শিশুটিক বচাবলৈ বাকী শিশুকেইটাৰ লগতে নিজেও পানীত নামি পৰে। কোবাল সোঁতে উটুৱাই নিছিল আটাইকে। স্থানীয় লোকে দেখি ৰীণা দেৱী আৰু কন্যা ৰাধাক উদ্ধাৰ কৰে। কিন্তু বহু চেষ্টাৰ পিছতো তিনি শিশু ক্ৰমে অৰ্জুন, ৰাজা আৰু কন্যা জ্যোতিক উদ্ধাৰ কৰিব নোৱাৰিলে।

ইফালে, শত্ৰুঘ্ন ৰামে কয় যে ৰীণা মানসিকভাৱে সুস্থিৰ নাছিল। গাঁৱৰ একাংশ লোকে জনোৱা অনুসৰি, স্বামী–স্ত্ৰীৰ মাজত কাজিয়াৰ পৰিণতিতে শিশুকেইটাৰ মৃত্যু হয়।
First published: July 18, 2019, 7:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading