উত্তৰ প্ৰদেশৰ মুজাফ্ফৰ নগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই স্বামীয়ে গুলীয়াই হত্যা কৰিলে পত্নীক। ইমানেই নহয়, নিজৰ কণমানি সন্তানকো এটা নলাত দলিয়াই দিয়ে লোকজনে।
সোমবাৰে নিশা পুৰকাজি থানাৰ অন্তৰ্গত বছেৰী গাঁৱৰ এজন লোকে নিজৰ পত্নীক গুলীয়াই হত্যা কৰে। অভিযুক্ত লোকজনে এই ঘটনা সংঘটিত কৰি নিজৰ তিনি কণমানি সন্তানক লৈ পলায়ন কৰে।
ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বুধবাৰে পুৱা হত্যাকাৰী স্বামীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। সোধা–পোছাত লোকজনে নিজৰ দুই কন্যা আৰু একমাত্ৰ পুত্ৰক এটা নলাত দলিয়াই পেলোৱাৰ কথা স্বীকাৰ কৰে। আৰক্ষীয়ে শিশুকেইটাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও কোনো সন্ধান লাভ কৰা নাই।
সাংবাদিকৰ আগতো লোকজনে স্বীকাৰ কৰে যে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই তেওঁক পত্নীক গুলীয়াই হত্যা কৰিছে আৰু তিনি সন্তানক নলাত দলিয়াই পেলাইছে।
উল্লেখযোগ্য যে মৃত মহিলাগৰাকী পাপ্পু নামৰ লোকজনৰ জ্যেষ্ঠ ভাতৃৰ পত্নী আছিল। জ্যেষ্ঠ ভাতৃৰ মৃত্যুৰ পিছত ১০ বছৰ পূৰ্বে মহিলাগৰাকীক পাপ্পুৱে বিয়া পাতিছিল। গাঁওবাসীয়ে জনোৱা মতে, প্ৰায়ে দুয়োৰে মাজত সূত্ৰপাত হৈছিল কাজিয়াৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|